কৰিমগঞ্জ,13 ছেপ্তেম্বৰ: সম্প্রীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে কৰিমগঞ্জ জিলাৰ ৰানিৰপাৰ আৰু গুয়াশপুৰ নামৰ গাঁও দুখনত বাস কৰা ইছলাম ধর্মাৱলম্বী লোকসকলে । জিলাখনৰ জনকল্যাণ গাঁও পঞ্চায়তৰ অধীনৰ 10 নং ৱাৰ্ডৰ শ্যামল মালাকাৰ নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু ঘটাত সৎকাৰৰ বাবে আগবাঢ়ি আহে গাঁও দুখনৰ ইছলামধৰ্মী লোকসকল ৷ গাঁওবাসীৰ এনে প্ৰচেষ্টাই বিশেষ চৰ্চা লাভ কৰাৰ উপৰিও সমাদৰো লাভ কৰিছে ৷
জানিব পৰা অনুসৰি,মৃত শ্যামল মালাকাৰ নামৰ ব্যক্তিগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত আছিল । মালাকাৰৰ মৃত্যুৰ পিছত অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে অন্তিম যাত্ৰাত অংশ লৈ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । পূৰ্বেও অৰ্থাৎ 2016 চনত মালাকাৰৰ পত্নীৰ মৃত্যুৰ সময়তো এইসকল ইছলাম ধৰ্মাৱলম্বী ৰাইজে মৃতদেহ সৎকাৰ কাৰ্যত সহায় আগবঢ়োৱাৰ কথা স্বীকাৰ কৰিছে শ্যামল মালাকাৰৰ পুত্ৰয়ে ৷ উল্লেখ্য় যে,ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যাগৰিষ্ঠ বসতিপূৰ্ণ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কালিগঞ্জৰ এই গাঁওখনত সকলো কাৰ্যতে হিন্দু লোকক সহায়ৰ হাত আগবঢ়াই আহিছে ইছলামধৰ্মী লোকসকলে ৷
লগতে চাওকঃ কৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ