ETV Bharat / state

Road Accident In Karimganj : নিহত আৰক্ষী জোৱান

author img

By

Published : Dec 4, 2021, 10:47 PM IST

কৰিমগঞ্জ চহৰ সংলগ্ন পাটেল নগৰত এক ত্ৰিকোণীয়া সংঘৰ্ষত নিহত হয় আৰক্ষী জোৱানজন ৷ স্কুটীৰে ৰাতাবাৰী আৰক্ষী থানাৰ পৰা কৰিমগঞ্জ সদৰ অভিমুখে গৈ আছিল জোৱানজন ।

ONE POLICEMAN DIED IN KARIMGANJ ROAD ACCIDENT
কৰিমগঞ্জত পথ দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান

কৰিমগঞ্জ, 4 নৱেম্বৰ : কৰিমগঞ্জত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident In Karimganj)ত এজন আৰক্ষীৰ লোক নিহত হয় । নিহত আৰক্ষীৰ জোৱানজন জয়দীপ পাল বুলি জানিব পৰা হৈছে । ৰাতাবাৰী আৰক্ষী থানাত কৰ্মৰত আছিল জয়দীপ পাল । শনিবাৰে পুৱা প্ৰায় দহ বজাত কৰিমগঞ্জ চহৰ সংলগ্ন পাটেল নগৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । নিহত জয়দীপ পালৰ ঘৰ কৰিমগঞ্জৰ ভাংগাত বুলি জানিব পৰা হৈছে ।

বিভাগীয় কামৰ বাবে ৰাতাবাৰী আৰক্ষী থানাৰ পৰা কৰিমগঞ্জ সদৰ অভিমুখে স্কুটিৰে গৈ আছিল জয়দীপ পাল । সেই সময়তে এখন নম্বৰবিহীন অট’, আৰু ৱেগনাৰ বাহনৰ সৈতে জয়দীপৰ স্কুটীৰ মাজত ত্ৰিকোণীয় সংঘৰ্ষ হয় । দুৰ্ঘটনাৰ ফলত ৱেগনাৰখন পথৰ পৰা বাগৰি পৰে আৰু অট’ৰিক্সাখন পথৰ কাষৰ ট্ৰান্স ফাৰ্মাৰৰ খুটাত খুন্দা মাৰে । আনহাতে জয়দীপ পালে স্কুটিৰ সৈতে অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ(National Highway 8)ত বাগৰি পৰে ।

সেই সময়ত ঘটনাস্থলীত উপস্থিত স্থানীয় লোকে তৎপৰতাৰে জয়দীপ পালক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশ্যে জয়দীপৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিবলগীয়া হয় । কিন্তু শিলচৰ মেডিকেল কলেজ হাস্পতাল(Silchar Medical College and Hospital)ত মৃত্যু হয় জয়দীপ পালৰ । আনহাতে দুৰ্ঘটনা সংঘটিত হোৱা ৱেগনাৰখনৰ নম্বৰৰ AS 10 E 8781 আৰু জয়দীপৰ স্কুটিখনৰ পঞ্জীয়ন নম্বৰৰ AS 10 D 8980 ৷

লগতে পঢ়ক : Assam Police on Encounter Spree : ছমাহত ২৮ অভিযুক্তৰ মৃত্যু, আহত ৪৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.