ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত ই-ৰিক্সা চালকৰ মৃত্যু - ভয়ংকৰ পথ দুৰ্ঘটনা

বাইকাৰৰ ঘৰত আক্ৰমণ উত্তেজিত ৰাইজৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা ৷

one dies in a road accident in karimganj
মুখামুখি সংঘৰ্ষ
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:13 AM IST

মুখামুখি সংঘৰ্ষ

কৰিমগঞ্জ, 11 জানুৱাৰী : মঙলবাৰে নিশা কৰিমগঞ্জ চহৰৰ লাগোয়া সৰীষা চুৰানা শ্ব’ৰুমৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ মতে ই-ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষত ই-ৰিক্সা চালকজনৰ মৃত্যু হয় ।

মুখামুখি সংঘৰ্ষৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ই-ৰিক্সাখন । গুৰুতৰভাৱে আহত হয় ই-ৰিক্সা চালক ৰাজু ৰায় । লগে লগে স্থানীয় ৰাইজে দুৰ্ঘটনাস্থলীৰ পৰা ই-ৰিক্সা চালকজনক উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

অৱস্থা সংকটজনক দেখি অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ই-ৰিক্সা চালক ৰাজু ৰায় চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যুমুখত পৰে । ই-ৰিক্সা চালক ৰাজু ৰায়ৰ ঘৰ কৰিমগঞ্জৰ শ্যামপ্ৰসাদ ৰোডত বুলি জানিব পৰা গৈছে ।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে বাইক চালক কুশল দাসে উক্ত স্থানৰ পৰা পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ই-ৰিক্সা চালক ৰাজু ৰয়ৰ আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই সাৰিশা কালাচান্দ এম ভি স্কুলৰ সন্মুখত অৱস্থিত বাইক আৰোহী কুশল দাসৰ ঘৰত আক্ৰমণ কৰে ।

কৰিমগঞ্জ সদৰ থানাৰ অ’ চি ভবেন দেহাংগীয়া, টাউন দৰগা পলাশ বৰা, যান-বাহন প্ৰভাৰী জ্যোতিষ নাথে এই খবৰ পোৱাৰ পিচতে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় । পিচত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ কৰিবলগীয়া হয় ।

আনহাতে, বাইক আৰোহী কুশল দাসে মূৰত আঘাত পাই শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে উত্তেজিত ৰাইজে বাইক আৰোহী কুশল দাসৰ ঘৰৰ সন্মুখত থকা তিনিখন গাড়ীও ভাঙি লণ্ডভণ্ড কৰে ।

লগতে পঢ়ক : বাইক-ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ: নিহত এজন, এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.