কৰিমগঞ্জ 15 আগষ্ট : সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় 74 তম্ স্বাধীনতা দিৱস ৷ কিন্তু ইয়াৰ মাজতে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলামবাজাৰ আৰক্ষী থানাৰ অধীনত থাকা কায়স্থগ্রাম বালিকা বিদ্যালয়ত সংঘটিত হৈছে লজ্জাজনক ঘটনা ৷ জাতীয় পতাকাৰ ওপৰত গেৰুৱা ৰঙৰ বিপৰীতে ব্যাৱহাৰ কৰা হ’ল হালধীয়া ৰং। বিদ্যালয়খনৰ প্রধান শিক্ষকৰ এইধৰণৰ কাণ্ডই সম্প্ৰতি চিন্তিত কৰি তুলিছে সচেতন মহলক । জিলা প্রশাসনক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাচতো কোন ব্যাৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে । অবিলম্বে জাতীয় অবমাননা কৰাৰ বাবে প্রধান শিক্ষক বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবি উত্থাপন কৰিছে স্থানীয় ৰাইজে।
![national flag controversy at karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8435819_hgd.jpg)
উল্লেখ্য যে, ৰাজ্যৰ বহুকেইটা স্থানত স্বাধীনতা দিৱসৰ দিনটোত জাতীয় পতাকা উত্তোলনত বিসংগতি পৰিলক্ষিত হৈছে ৷ নগাঁৱৰ জুৰীয়া আৰু বিলাসীপাৰাৰ দুখন বিদ্যালয়ত নিশালৈকে জাতীয় পতাকা উৰি থকাৰ পৰিৱৰ্তে বিলাসীপাৰাৰ ৰাণীগঞ্জৰ বিজেপি কাৰ্যালয়ত একেটা ভেটিতে উত্তোলন কৰা হৈছে জাতীয় পতাকাৰ সমান্তৰালকৈ বিজেপিৰ পতাকা ৷
লগতে পঢ়ক : ৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে