কৰিমগঞ্জ, 13 মে': খুড়াৰ হাতত প্ৰাণ গ'ল ভতিজাৰ ৷ কৰিমগঞ্জত ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই সংঘটিত হয় নৃশংস হত্যা কাণ্ড ৷ শনিবাৰে নিশা আব্দুল সত্তাৰ নামৰ লোকজনক তেওঁৰে চাৰি ভতিজাকে মিলি দাৰে ঘপিয়াই হত্যা কৰে কৰিমগঞ্জৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত পূৰ্বগোল দোহালিয়া অঞ্চলত ৷ স্থানীয় কোনো লোকে ঘন জংঘলত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে পাথাৰকান্দি আৰক্ষীয়ে ৷ সোমবাৰে পুৱা চাৰিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি সোধ-পোচ অব্যাহত ৰাখিছে পাথাৰকান্দি আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা হত্যাকাৰী কেইটা ক্ৰমে আব্দুল বাৰী, চুফীয়ান আহমদ, ইকবাল হুছেইন আৰু ইসলাম উদ্দিনক মঙলবাৰে আদালতলৈ প্ৰেৰণ কৰিব পাথাৰকান্দি আৰক্ষীয়ে ৷
পাথাৰকান্দিত খুড়াকৰ হাতত প্ৰাণ গ'ল ভতিজাকৰ - কৰিমগঞ্জ
শনিবাৰে নিশা আব্দুল সত্তাৰ নামৰ লোকজনক তেওঁৰে চাৰি ভতিজাকে মিলি দাৰে ঘপিয়াই হত্যা কৰে কৰিমগঞ্জৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত পূৰ্বগোল দোহালিয়া অঞ্চলত ৷
কৰিমগঞ্জ, 13 মে': খুড়াৰ হাতত প্ৰাণ গ'ল ভতিজাৰ ৷ কৰিমগঞ্জত ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই সংঘটিত হয় নৃশংস হত্যা কাণ্ড ৷ শনিবাৰে নিশা আব্দুল সত্তাৰ নামৰ লোকজনক তেওঁৰে চাৰি ভতিজাকে মিলি দাৰে ঘপিয়াই হত্যা কৰে কৰিমগঞ্জৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত পূৰ্বগোল দোহালিয়া অঞ্চলত ৷ স্থানীয় কোনো লোকে ঘন জংঘলত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে পাথাৰকান্দি আৰক্ষীয়ে ৷ সোমবাৰে পুৱা চাৰিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি সোধ-পোচ অব্যাহত ৰাখিছে পাথাৰকান্দি আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা হত্যাকাৰী কেইটা ক্ৰমে আব্দুল বাৰী, চুফীয়ান আহমদ, ইকবাল হুছেইন আৰু ইসলাম উদ্দিনক মঙলবাৰে আদালতলৈ প্ৰেৰণ কৰিব পাথাৰকান্দি আৰক্ষীয়ে ৷
ককাইৰ হাতত প্ৰাণ গল ভতিজাৰ।ভূমি সংক্ৰান্ত বিবাদৰ কাৰণে এই নৃশংস হত্যা কাণ্ড সংগঠিত হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাধীন পূৰ্বগোল দোহালিয়াত।আব্দুল সত্তাৰ (৪৩) নামৰ লোকজনক দা দি ঘপিয়াই হত্যা কৰে তেওঁৰ চাৰি ভতিজায়।হত্যাকাণ্ড সংগঠিত হৈছে শনিবাৰ ৰাতি ।ঘৰৰ পৰা মাতি লৈ যায় আব্দুল সত্তাৰক তেওঁৰ চাৰি ককা যথাক্ৰমে আব্দুল বাৰী,চুফীয়ান আহমদ,ইকবাল হুছেইন আৰু ইসলাম উদ্দিনয়ে।পূৰ্ব পৰিকল্পনা মাফিক ভতিজাক হত্যা কৰি গভীৰ জংলত পেলাই দিয়ে।পিছে জংলত কাম কৰা শ্ৰমিকে দেখিবলৈ পায়।খবৰ দিয়া হয় আৰক্ষীক ।যোৱাকালি ৰাতি মৃতদেহ উদ্ধাৰ কৰি মৰণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আজি পোৱাৰ ভাগত চাৰিজন হত্যাকাৰীক গ্ৰেফতাৰ কৰি শোধপোচ অব্যাহত ৰাখিছে।অহাকালি আদালতলৈ প্ৰেৰণ কৰা হব।
পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।Conclusion: