ETV Bharat / state

অসমৰ সংৰক্ষিত বনাঞ্চলত চকু মিজো আগ্ৰাসনকাৰীৰ - ৰাতাবাৰী সমষ্টি

লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল ৷ আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । তাৰোপৰি এম জি এনৰেগা আঁচনিৰ এখন ছাইনব'ৰ্ড অসমৰ মাটিত লগাই দিছিল মিজো লোকসকলে ।

mla-visit-assam-mizoram-border-karimganj
অসমৰ সংৰক্ষিত বনাঞ্চলত চকু মিজো আগ্ৰাসনকাৰীৰ
author img

By

Published : Oct 18, 2020, 1:18 PM IST

কৰিমগঞ্জ, 18 অক্টোবৰ: মিজোৰ কৱলত থকা অসমৰ মাটি কৰিমগঞ্জ প্ৰশাসনে বেদখলমুক্ত কৰাৰ পিছতেই এইবাৰ সক্ৰিয় হৈছে মিজো প্ৰশাসন । উচ্ছেদ কৰা মাটিৰ ওপৰত এইবাৰ মিজো সকলে অস্থায়ী কেম্প নিৰ্মাণ কৰাৰ সমান্তৰালকৈ চলাই গৈছে ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া । ৰাতাবাৰী সমষ্টিৰ ৰংপুৰ এলেকাত থকা বৰভুবি অঞ্চলত সংৰক্ষিত বনাঞ্চলত চকু দিছে মিজোৰামৰ লোকে ।

প্ৰাপ্ত তথ্য মতে, পূৰ্বতকৈ অধিক অসমৰ মাটি দখল কৰিছে সীমামূৰীয়া অঞ্চলটোত। কিন্তু তথাপিতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে চৰকাৰৰ বিৰুদ্ধে ৷ যোৱা শুকুৰবাৰে মিজোৰ দখলত থকা অসমৰ মাটি কৰিমগঞ্জ প্ৰশাসনে বেদখলমুক্ত কৰাৰ পিচদিনাৰ পৰাই মিজোৰাম প্ৰশাসনৰ সহযোগত পুনৰ আৰম্ভ হৈছে অসমৰ মাটিত মিজোৰ আগ্ৰাসন ।

লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল ৷ আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । তাৰোপৰি এম জি এনৰেগা আঁচনিৰ এখন ছাইনব'ৰ্ড অসমৰ মাটিত লগাই দিছিল মিজোৱে । যোৱা শুকুৰবাৰে কৰিমগঞ্জ প্ৰশাসনৰ লগত বনবিভাগৰ বিশাল এটা বাহিনীয়ে অসম মিজোৰাম সীমান্তত উপস্থিত হৈ জুম খেতি নষ্ট কৰাৰ লগতে মিজো লোকে নিৰ্মাণ কৰা ঘৰ ধ্বংস কৰি দিছিল ।

mla-visit-assam-mizoram-border-karimganj
অসমৰ সংৰক্ষিত বনাঞ্চলত চকু মিজো আগ্ৰাসনকাৰীৰ

এই ঘটনাৰ পিছৰে পৰা সীমান্ত এলেকাত বসবাস কৰা লোক সকলে সন্তোষ প্ৰকাশ কৰিছিল যদিও পিচদিনাৰ পৰাই সম্পূৰ্ণ চিত্ৰ সলনি হ’বলৈ ধৰিলে । মিজোৰাম প্ৰশাসনৰ সহযোগত ছাত্ৰ সংগঠন MZP, YOUNG MIZO, MIZO NATIINAL YOUTH FRONT আদি সংগঠনে অসমৰ মাটিত পুনৰ বেদখল আৰম্ভ কৰে । মিজো সংগঠন কেইটাই পূৰ্বতকৈ অধিক শক্তি এইবাৰ প্ৰয়োগ কৰিছে । অসমৰ সংৰক্ষিত বনাঞ্চলত যুদ্ধ কালীন তৎপৰতাৰে আই আৰ বেটেলিয়ানৰ অস্থায়ী কেম্প নিৰ্মাণৰ সমান্তৰালকৈ ঘৰ নিৰ্মাণৰ কাম চলাইছে । মিজোৰামৰ আগ্ৰাসনৰ ভয়ত এতিয়া সীমান্তত বসবাস কৰা জনজাতীয় লোক সকলে সেই স্থান সমূহলৈ যোৱাৰ সাহস গোটাব পৰা নাই । যথেষ্ট দুৰ্গম এই অঞ্চলত শুকুৰবাৰে কৰিমগঞ্জ প্ৰশাসন মটৰ চাইকেল লৈ যাব লগা হৈছিল । আনকি বৰষুণ এজাক দিলে এই সমুহ অঞ্চলত মটৰ চাইকেল লৈ প্ৰবেশ কৰাও অসম্ভৱ হৈ পৰে । এই সুযোগ লৈ মিজোৰামে আগ্ৰাসন চলাবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে শনিবাৰে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ আৰু লগতে কৰিমগঞ্জ জিলাৰ বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্য আৰু লগতে কৰিমগঞ্জ জিলাৰ জিলা পৰিষদ আশীষ নাথ উপস্থিত হৈ তেওঁলোকে ৰাতাবাৰী ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি আশ্বাস প্ৰদান কৰে। লগতে বিধায়ক বিজয় মালাকাৰে জনায় যে তেওঁ মুখ্যমন্ত্ৰীৰ লগত এই সন্দৰ্ভত শীঘ্ৰে কথা পাতিব।

লগতে পঢ়ক: দাবী পূৰণৰ বাবে ত্ৰিপুৰাত CPIM ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.