ETV Bharat / state

অসম ভূমিত মিজোৰ আগ্ৰাসন সন্দৰ্ভত চৰকাৰক সমালোচনা বিধায়ক কমলাক্ষৰ - কমলাক্ষ দে’ পুৰকায়স্থ

অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত এটা প্রতিনিধি দলৰ ৷ অসমৰ ভূমিত মিজোৰ আগ্রাসন সন্দর্ভত বুজ ল’লে বিধায়কগৰাকীয়ে ৷

KAMALAKHYA DEY PURKAYASTHA
KAMALAKHYA DEY PURKAYASTHA
author img

By

Published : Oct 16, 2020, 4:41 PM IST

কৰিমগঞ্জ, 16 অক্টোবৰ : অসমৰ ভূমিত মিজোৰ আগ্ৰাসন দীৰ্ঘদিনীয়া এক সমস্যা। অসমৰ ভূমিত মিজোৰ আগ্রাসন সন্দর্ভত অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত এটা প্রতিনিধি দলে । চৰকাৰৰ চৰম উদাসীনতাৰ ফলত অসমৰ ভূমিত মিজোৱে আগ্ৰাসন চলোৱা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে । তেওঁৰ অভিযোগ মতে ৰাজ্যৰ বিভিন্ন ঠাইত অসমৰ ভূমিত আগ্ৰাসন চলিছে । কিন্তু এইখন সৰকাৰে কোন ধৰণৰ ভাল পদক্ষেপ নোলোৱাৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে ।

KAMALAKHYA DEY PURKAYASTHA
অসম ভূমিত মিজোৰ আগ্ৰাসন

উল্লেখ্য দীর্ঘ দিন ধৰি ৰাতাবাৰী সমষ্টিৰ ৰংপুৰ আৰু পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত অসমৰ ভূমিত মিজোৰামৰ লোকে আগ্ৰাসন চলাই আহিছে ৷ ইতিপূৰ্বে কৰিমগঞ্জৰ উপায়ুক্তই আৰক্ষী প্ৰসাসনক লগত লৈ উচ্ছেদ কৰিছিল মিজোৱে নিৰ্মাণ কৰা ঘৰ,দলং আদি ৷ কিন্তু তাৰ পাচতো পুনৰ সিংলা সংৰক্ষিত বনাঞ্চলত বিভিন্ন নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল মিজোৰামৰ লোকে ৷

KAMALAKHYA DEY PURKAYASTHA
মিজোৰ আগ্ৰাসন সন্দৰ্ভত চৰকাৰক সমালোচনা বিধায়ক কমলাক্ষৰ

এই সন্দৰ্ভত বুধবাৰে অসম আৰু মিজোৰাম প্রশাসনৰ মাজত অনুষ্ঠিত হয় এক বৈঠক ৷ বিষয় সন্দর্ভত বৈঠকখনত মিলিত হয় কৰিমগঞ্জ জিলা প্রশাসন আৰু মিজোৰামৰ মামিট জিলা প্রশাসন । অসম-মিজোৰাম সীমান্তৰ কানমুনত অনুষ্ঠিত হয় এই বৈঠক ৷ দুয়োখন জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে উক্ত আগ্ৰাসন সন্দৰ্ভত আলোচনা কৰে । কৰিমগঞ্জ প্ৰশাসনৰ তৰফৰ পৰা ৰাতাবাৰী সমষ্টিৰ সিংলা সংৰক্ষিত বনাঞ্চলত মিজোৰ আগ্ৰাসন সন্দৰ্ভত তথ্য প্ৰকাশ কৰে কৰিমগঞ্জৰ উপায়ুক্ত এম আম্বামুথানে । কিন্তু উপায়ুক্তগৰাকীৰ এই অভিযোগ একেমুখে নসাৎ কৰে মিজোৰাম প্ৰশাসনে ৷ মুঠৰ ওপৰত এই আলোচনা বিফল হোৱা দেখা যায় ৷ এই বেদখল ৰোধৰ বাবে চৰাকৰে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ৷

KAMALAKHYA DEY PURKAYASTHA
অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন বিধায়ক কমলাক্ষৰ

লগতে পঢ়ক : অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.