কৰিমগঞ্জ, 23 অক্টোবৰ: কৰ'ণাৰ ভয়াৱহ সংক্ৰমণে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশ,ম্লান কৰিছে পূজাৰ উছাহ ৷ দীৰ্ঘদিনীয়া ল'ক ডাউনে আৰ্থিক ভাৱে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ তাৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা ৷ এই পূজাৰ সময়ত পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মহানুভৱতা ৷ সমষ্টিৰ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে বস্ত্ৰ ।
এই বস্ত্ৰ বিতৰণ কাৰ্যসূচী বিজেপি দলৰ সদস্য সকলে মিলি কিছুদিনৰ আগতেই আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত বহু হেজাৰ মানুহৰ মাজত বস্ত্ৰ বিতৰণ কৰিবলৈ সক্ষম হৈছে । বিধায়ক গৰাকীৰ এনে মহানুভৱতাক সলাগ লৈছে সমষ্টিবাসীয়ে ৷
লগতে পঢ়ক: ক'ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা