ETV Bharat / state

কৰ'ণা আক্ৰান্ত বিধায়ক বিজয় মালাকাৰৰ আশু-আৰোগ্য কামনাৰে যজ্ঞ-নামাজ

author img

By

Published : Aug 16, 2020, 1:26 PM IST

কৰ'ণা আক্ৰান্ত ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰৰ আশু-আৰোগ্য কামনাৰে দেওবাৰে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালে ৷

যজ্ঞ-নামাজ
যজ্ঞ-নামাজ

কৰিমগঞ্জ, 16 আগষ্ট: শেহতীয়াকৈ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকৰ আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ সমষ্টিবাসীৰ মাজত যথেষ্ট জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা বিধায়ক গৰাকীৰ আশু-আৰোগ্য কামনাৰে দেওবাৰে সমষ্টিবাসীয়ে অনুষ্ঠিত কৰিলে যজ্ঞ, পঢ়িলে নামাজ ৷ জিলাখনত মুঠ 141 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ কিন্তু ইয়াৰ মাজতে বিধায়ক গৰাকীৰ স্বাস্থ্য অধিক শোচনীয় হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷

কৰ'ণা আক্ৰান্ত বিধায়ক বিজয় মালাকাৰৰ আশু-আৰোগ্য কামনাৰে যজ্ঞ-নামাজ

প্ৰথমাৱস্থাত বিধায়ক গৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ COVID ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল যদিও, শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে তেওঁক পৰৱৰ্তী সময়ত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎলয়লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিধায়ক গৰাকীৰ দ্ৰুত আৰোগ্যতাৰ কামনাৰে সমষ্টিবাসীয়ে নিজ নিজ সাম্প্ৰদায়িক ধৰণৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰিসমূহ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.