ETV Bharat / state

গৃহ সমষ্টিৰ প্ৰতিবাদৰ সন্মুখীন বিধায়ক আজিজ আহমেদ খান - কায়স্থগ্ৰাম

গৃহ সমষ্টিত ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খান ৷ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত বিধায়ক গৰাকী সন্মুখীন হ'ব লগা হ'ল ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ ৷ বিধায়ক হিচাপে কাৰ্যকাল প্ৰায় শেষ হোৱাৰ পাছতো ঘৰৰ কাষতে থকা পথটো নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাত ক্ষুব্ধ স্থানীয় ৰাইজ ৷

গৃহ সমষ্টিৰ প্ৰতিবাদৰ সন্মুখীন বিধায়ক আজিজ আহমেদ খান

author img

By

Published : Oct 12, 2020, 2:40 PM IST

কৰিমগঞ্জ, 12 অক্টোবৰ: বিধায়ক হিচাপে কাৰ্যকাল প্ৰায় শেষ হোৱাৰ পাছতো ঘৰৰ কাষতে থকা বছৰজুৰি জৰাজীৰ্ণ হৈ থকা পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগত প্ৰতিবাদৰ সন্মুখীন দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খান ৷ কায়স্থগ্ৰামৰ পৰা বালিয়া গড়কাপ্তানি পথলৈকে দুই কিলোমিটাৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত বিধায়কগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ, নিজ ঘৰৰ কাষতে থকা পথ নিৰ্মাণত ব্যৰ্থ হৈছে বিধায়কগৰাকী ৷ বিধায়কগৰাকী নিজেই ফাৰমপাশা পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ বাসিন্দা হোৱাৰ পাছতো ৱাৰ্ডটোৰ বালিয়া গড়কাপ্তানি পথ সংযোগী পথটো বিগত বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে ৷

গৃহ সমষ্টিৰ প্ৰতিবাদৰ সন্মুখীন বিধায়ক আজিজ আহমেদ খান

উল্লেখ্য যে প্ৰায় দুই হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ ভৰষাৰ থলী পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱাত গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ অভিযোগ এজাক বৰষুণতে প্ৰায় চলাচলৰ অনুপযোগী হৈ পৰা পথটোৰ নিৰ্মাণৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনতে প্ৰায় 3.5 কোটি টকা আৱন্টন হৈছিল যদিও ক্ষমতাৰ বলেৰে সেই ধনো কৰ্তন কৰি নিয়া হৈছে ৷

লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ বাবে 30 জন প্ৰচাৰক তালিকা মুকলি বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.