ETV Bharat / state

সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই মিজোৰামে

কৰিমগঞ্জত অৰ্থনৈতিক অবৰোধ গঢ়ি তোলাত মিজোৰামত ইতিমধ্যে খাদ্য সংকটে দেখা দিছে ৷ ভূমি বিবাদক কেন্দ্ৰ কৰি শনিবাৰে পুনৰ আলোচনাত বহিল কৰিমগঞ্জ আৰু মামিট জিলা প্ৰশাসন । এই বৈঠকতো সীমা বিবাদৰ কোনো সমাধান ওলোৱা নাই ৷

author img

By

Published : Oct 31, 2020, 7:49 PM IST

mizoram has not showed their interest to solve the border dispute

কৰিমগঞ্জ, 31 অক্টোবৰ : অসম আৰু মিজোৰামৰ মাজত অব্যাহত আছে সীমা কেন্দ্ৰিক উত্তেজনা ৷ তাৰ মাজতে ভূমি বিবাদক কেন্দ্ৰ কৰি শনিবাৰে পুনৰ আলোচনাত বহিল কৰিমগঞ্জ আৰু মামিট জিলা প্ৰশাসন । পাথাৰকান্দি সমষ্টিৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত ইছাবিল চাহ বাগিছাত মেনেজাৰৰ বাংলাত অনুষ্ঠিত হয় এই বৈঠক । এই বৈঠকতো সীমা বিবাদৰ কোনো সমাধান ওলোৱা নাই ৷ বৈঠকত ভূমি বিবাদ লৈ কেন্দ্ৰীয় চৰকাৰে মধ্যস্থতাত সমাধান কৰা হ’ব বুলি আলোচনা কৰা হয় ৷

সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই মিজোৰামে

কৰিমগঞ্জত অৰ্থনৈতিক অবৰোধ গঢ়ি তোলাত মিজোৰামত ইতিমধ্যে খাদ্য সংকটে দেখা দিছে ৷ বৈঠকত কৰিমগঞ্জৰ ফালৰ পৰা আশ্বাস দিয়া হয় য়ে, আৰক্ষী মোতায়ন কৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ গাড়ী মিজোৰামলৈ প্ৰেৰণ কৰা হয় ৷ কৰিমগঞ্জৰ জিলাধিপতি আম্বামুথান এম. পি, আৰক্ষী অধীক্ষক মায়ংক কুমাৰ সহ বন বিভাগৰ বিষয়াই অংশ লয় এই বৈঠকত ৷ আনহাতে মামিট জিলাৰ জিলাধিপতি ডাঃ লালৰজামা সহ মামিট জিলাৰ প্ৰশাসনিক বিষয়া সকল উপস্থিত আছিল ৷ এই বৈঠকতো মিজোৰামৰ ফালৰ পৰা কোনও ইতিবাচক সহাৰি পোৱা যোৱা নাই বুলি সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক : "আলু-পিয়াঁজ" সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী আৰ পি শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.