ETV Bharat / state

অপৰাধমূলক কাৰ্য ৰোধৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

কৰিমগঞ্জ জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যসমূহ ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ ৷ বিশেষকৈ জিলাখনৰ শিৱবাড়ী এলেকাৰ মহিলাসকলৰ লগতে দুৰ্গাবাহিনীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷

Memorundum given to additional sp of karimganj assam etv bharat news
জন সাধাৰণৰ প্ৰতিবাদ
author img

By

Published : Oct 21, 2020, 4:27 PM IST

কৰিমগঞ্জ,21 অক্টোবৰ: বিগত 16 অক্টোবৰত কৰিমগঞ্জত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ জিলাখনৰ শিৱবাড়ী পথত সংঘটিত হত্যাকাণ্ডটোৰ মূল অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ উত্থাপিত অভিযোগ অনুসৰি, এগৰাকী মহিলাক অনুপম ৰয় নামৰ ব্যক্তিজনে ভাতৃৰ সৈতে মিলিত হৈ হত্যা কৰে ৷ উক্ত ঘটনাত জড়িত ব্যক্তি দুগৰাকীক শাস্তি প্ৰদানৰ দাবীত বুধবাৰে অঞ্চলটোৰ স্থানীয় মহিলাসকলৰ লগতে দুৰ্গাবাহিনীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ দোষীৰ ফাঁচীৰ দাবী তুলি দলটোৱে উপ-আৰক্ষী অধীক্ষকৰ হাতত প্ৰদান কৰে স্মাৰকপত্ৰ ৷

Memorundum given to additional sp of karimganj assam etv bharat news
জন সাধাৰণৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা জিলাখনত বহু অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু আৰক্ষীয়ে এইক্ষেত্ৰত অভিযান চলাই লাভ কৰা নাই কোনো সফলতা ৷

লগতে চাওকঃ গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত কলংপাৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.