কৰিমগঞ্জ, 15 মে': দেশজুৰি কৰ'ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰন কৰিছে । আৰু তেনে সময়ত সকলোৰে ভৰষা হৈছে চিকিৎসক সকল ।
তেনে সময়তে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল এজন "মুন্না ভাই এম বি বি এচ" অৰ্থাৎ ভুৱা চিকিৎসক । আৰক্ষীৰ জালত পৰা ভুৱা চিকিৎসক জনৰ নাম ধৃতিমান পাল । চিকিৎসক জনৰ আছিল বহু ভুৱা চাৰ্টিফিকেট , আৰু প্ৰতিখন চাৰ্টিফিকেটেই বিদেশৰ ।
বহু দিনৰ পৰাই এইজন ভুৱা চিকিৎসকে আগৰতলাৰ তিনিটা ঠাইত তিনিখনকৈ চেম্বাৰ খুলি ৰাইজক ৰাম ঠগন দি আহাৰ লগতে মানুহৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল । অৱশেষত নানা অভিযোগৰ ভিত্তিত ভুৱা চিকিৎসক ধৃতিমান পাল'ৰ ঘৰত দুৰ্নীতি নিবাৰণ শাখাই অভিযান চলায় । তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হয় বহু নকল নথিপত্ৰ । আৰু এই নকল নথিপত্ৰৰ জৰিয়তে ধৃতিমান পালে ৰাইজক চিকিৎসাৰ নামত ৰাম ঠগন দি আহাৰ কথা প্ৰমাণিত হয় । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজন ভুৱা চিকিৎসকক ।