ETV Bharat / state

হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কাছাৰৰ পিছত এইবাৰ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত ৷ অসমৰ লোকক মিজোৰামত বাধা প্ৰদান কৰাৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে জিলাখনৰ ধলছড়া-ফাইসেন সীমান্ত ৷ স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে এই কাৰ্যৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Oct 22, 2020, 1:23 PM IST

KMSS Protest in hailakandi assam etv bharat news
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কৰিমগঞ্জ,22 অক্টোবৰ: মিজোৰামৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অর্থনৈতিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কিছুদিন পূৰ্বে জিলাখনৰ অসম-মিজোৰাম সীমান্তৰ মূল প্ৰৱেশ পথেৰে অসমৰ বাসিন্দাসকলক যাতায়াতৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল মিজো ছাত্ৰ সন্থাই ৷ এই কাৰ্যৰ পিছতে উত্তপ্ত হৈ পৰে সীমান্তৱৰ্তী অঞ্চলৰ পৰিস্থিতি ৷ উক্ত ঘটনাৰ বাবে ধলছড়া-ফাইসেন সীমান্তত প্ৰায় পাঁচ শতাধিক স্থানীয় লোকৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে পথটোত বাঁহ বান্ধি দুয়োখন ৰাজ্যৰ যাতায়াতত বাধা প্ৰদান কৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক আন্দোলনৰ সূত্ৰপাত ঘটায় ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বাহিনী ৷ হাইলাকান্দিৰ লালা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটন নাথৰ লগতে জিলা উপ-আৰক্ষী অধীক্ষক নবমিতা দাস আৰু লালা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পিতা দত্তই প্ৰতিবাদকাৰীসকলৰ মাজত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ উল্লেখ্য যে, কাছাৰ জিলা প্ৰশাসন আৰু মিজোৰামৰ প্ৰশাসনে সীমান্তৱৰ্তী অঞ্চলৰ সমস্যা সমাধানৰ বাবে বহুকেইখন বৈঠক অনুষ্ঠিত কৰে যদিও এয়া বিফল হোৱা দেখা যায় ৷ পৰৱৰ্তী সময়ত যেতিয়ালৈকে এই সমস্যা সমাধান নহয় তেতিয়ালৈকে বন্ধ থাকিব এই ঘাইপথটি ৷

লগতে চাওকঃ অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.