কৰিমগঞ্জ,30 ডিচেম্বৰ: কৰিমগঞ্জত বাংলাদেশী দুষ্কৃতিকাৰীৰ দপদপনি ৷ ভাৰতীয় নাগৰিকক অপহৰণ কৰি মুক্তিপণ দাবী বাংলাদেশৰ দুস্কৃতিকাৰীৰ। কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ আৰক্ষী থানাৰ শিলুয়া গাঁৱত সংঘটিত হৈছে অপহৰণৰ ঘটনা ৷ দিলোৱাৰ হুচেইন নামৰ যুৱক এজনক কাম দিয়াৰ প্ৰলোভনেৰে ফুচলাই বাংলাদেশলৈ লৈ গৈছিল এলিম উদ্দিন নামৰ যুৱকজনে । ইয়াৰ পাচতে দিলোৱাৰক বন্ধি কৰি ২ লাখ টকাৰ মুক্তিপন দাবী কৰাৰ লগতে বিভিন্ন ভাবুকি প্ৰদান কৰে পৰিয়ালৰ লোকক ৷ ভাৰতীয় নাগৰিকক বাংলাদেশৰ ঝিংগালালা এলেকাত আটক কৰি ৰখাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক:প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ