ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ ৰাতাবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজক - উপ নিৰ্বাচন

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজকে কয় যে, হিমন্তৰ কথা আৰু কামৰ মিল নাই ৷ যোৱাটো বিধানসভাৰ প্ৰাক্ মুহূৰ্ততো তেখেতে প্ৰচাৰলৈ আহি তিনিমাহৰ ভিতৰত ৰাতাবাৰীৰ উন্নয়নমূলক কাম কাজৰ তদাৰক কৰিব বুলি কথা দিছিল যদিও আজি পৰ্যন্ত সেইয়া হৈ উঠা নাই ৷

মন্ত্ৰী হিমন্তৰ বিৰূদ্ধে সৰৱ ৰাতাবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰোজক
author img

By

Published : Oct 16, 2019, 2:51 PM IST

Updated : Oct 16, 2019, 4:02 PM IST

ৰাতাবাৰী, 16 অক্টোবৰঃ ৰাজ্যত তুংগত উঠিছে উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ ৰাতাবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ ৰাতাবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰৰ্থী কেশৱ প্ৰসাদ ৰজক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে, হিমন্তৰ কথা আৰু কামৰ মিল নাই ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় মিছা কথা কৈ প্ৰতিটো নিৰ্বাচনলৈ আহি ৰাইজৰ পৰা ভোট বিচাৰে ৷ যোৱাটো বিধানসভাৰ প্ৰাক্ মুহুৰ্ততো তেখেতে প্ৰচাৰলৈ আহি তিনিমাহৰ ভিতৰত ৰাতাবাৰীৰ উন্নয়নমূলক কাম কাজৰ তদাৰক কৰিব বুলি কথা দিছিল যদিও আজি পৰ্যন্ত সেইয়া হৈ উঠা নাই ৷ ৰাতাবাৰীৰ বাটপথ, দলঙৰ লগতে খোৱাপানীৰ বিভিন্ন আঁচনিসমূহৰ বাস্তৱ চিত্ৰই তেখেতৰ বিফলতাকেই দাঙি ধৰিছে ৷

ৰাতাবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰোজকৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ইয়াকো কয় যে, ৰাইজে এইবাৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোগ্য প্ৰত্যুত্তৰ দিব ৷ লগতে ৰাতাবাৰী সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও বক্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷

Intro:হিমন্তৰ কথা আৰু কামৰ মিল নাই ¡¡¡ কেশৱ প্ৰসাদ ৰোজকBody:SLUG---AS_KRJ_801_16OCT_CONGRESS_CANDIDATE_KESHOB_RAJAK_BYTE

গঁড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হদায় মিছা কথা কৈ প্ৰতিখন নিৰ্বাচন আহিলেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমন ঘটে ৰাতাবাৰীত আৰু ৰাইজক মিছা কথা কৈ ভোট বিচাৰে ।
যোৱা বিধান সভাপ্ৰাক মুহূৰ্তত ভোটৰ প্ৰচাৰত আহি তেওঁ কহিছিল প্ৰতি তিনিমাহৰ মূৰত ৰাতবাৰীত আহি উন্নয়ন মূলক কাজ কৰ্ম তদাৰুকে কৰিৱ, আৰু ৰাতবাৰীৰ বৰ্তমান মৰণ ফাণ্ডত থকা পথবাট, দলং,খোৱাপানী,সহ বিভিন্ন আঁচনিৰ বাস্তৱ চিত্র্য পৰিলক্ষিত হৈছে, ৰাতাবাৰীৰ কিমান উন্নয়ন হৈছে আৰু মন্ত্ৰী হিমন্ত পাঁচ বছৰৰ ভিতৰত কিমান দিন
ৰাতাবাৰীত আহিছে, গতিকে ৰাতাবাৰীৰ শ্ৰদ্ধাৰ ৰাইজে মন্ত্ৰী হিমন্তক যোগ্য জবাব দিয়াৰ বাবে ২১ তাৰিখ সাজোঁ
থাকিব এই কথা কলে ৰাতাবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰোজকে ।।।।Conclusion:হিমন্তৰ কথা আৰু কামৰ মিল নাই ¡¡¡ কেশৱ প্ৰসাদ ৰোজক
Last Updated : Oct 16, 2019, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.