ETV Bharat / state

কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ - স্বাস্থ্য বিভাগ

মঙলবাৰে কৰিমগঞ্জ জিলাৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ ৰোগী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷

KARIMGANZA COVID HOSPITAL VISIT STATE HEALTH MINISTER
কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
author img

By

Published : Jul 21, 2020, 4:54 PM IST

কৰিমগঞ্জ, 21 জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ ৷ স্বাস্থ্য বিভাগ তথা চৰকাৰ-প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে কৰিমগঞ্জ জিলাতো কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে ৷

মঙলবাৰে কৰিমগঞ্জ জিলাৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ ৰোগী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷

আনহাতে, চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ পিচতে মন্ত্ৰী গৰাকীয়ে কনফাৰেন্স হ'লত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোকৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷

উল্লেখযোগ্য যে, 20 জুলাইত নিশা হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা 25092 গৰাকী ৷ বৰ্তমানেও চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা 7936 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 17095 গৰাকী আৰু অসমত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 58 গৰাকী ৷

লগতে পঢ়ক : পৰিচয় পত্ৰ অবিহনে ডিমা হাছাওলৈ যাব নোৱাৰিব কোনো লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.