কৰিমগঞ্জ, 08 আগষ্টঃ কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডত ৰেণু বিশ্বাস নামৰ এগৰাকী বিধৱা মহিলাৰ নিজ গৃহতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি, বুধবাৰে নিশা ভাষ্কৰ ভট্টাচাৰ্য নামৰ এজন লোকে অকলশৰীয়া মহিলাগৰাকীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল ৷ কিন্তু নিশা আহাৰ গ্ৰহণ কৰাৰ পাছতেই মহিলা গৰাকী ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু তাৰ পাছতেই তেওঁ হঠাৎ অগ্নিদগ্ধ হয় ৷ এনে পৰিস্থিতিত স্থানীয় ৰাইজে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ ভাষ্কৰ ভট্টাচাৰ্য নামৰ লোকজনক মহিলা গৰাকীক জুই নুমোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৰ্বতী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে লোক জনক আটক কৰিবলৈ সক্ষম হয় ৷ লোকজনে আৰক্ষীৰ আগত তেওঁ মহিলা গৰাকীৰ ঘৰত নৈশ যাপন কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰিছে যদিও কিয় আৰু কেনেকৈ অগ্নিদগ্ধ হ'ল সেয়া তেওঁ জ্ঞাত নহয় বুলি জানিবলৈ দিছে ৷ ইফালে মহিলাগৰাকী শৰীৰৰ 80 শতাংশ অগ্নিদগ্ধ হোৱাৰ পাছতো সহায় কৰিবলৈ স্থানীয় কোনো ৰাইজ আগবাঢ়ি নহাত কৰিমগঞ্জ সদৰ থানাৰ টাউন ইনচাৰ্জ কমলেশ ছিঙে মহিলা গৰাকীক নিজে কোলাত উঠাই অটোৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এয়া হত্যাৰ চেষ্টা নে আত্মহত্যা নে আকস্মিক দুৰ্ঘটনা সেই কথা পোহৰলৈ অহা নাই ৷
নিজ গৃহতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ বিধৱা মহিলা - হত্যা
কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডত ৰেণু বিশ্বাস নামৰ এগৰাকী বিধৱা মহিলাৰ নিজ গৃহতে ৰহস্যজনক ভাৱে অগ্নিদগ্ধ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
কৰিমগঞ্জ, 08 আগষ্টঃ কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডত ৰেণু বিশ্বাস নামৰ এগৰাকী বিধৱা মহিলাৰ নিজ গৃহতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি, বুধবাৰে নিশা ভাষ্কৰ ভট্টাচাৰ্য নামৰ এজন লোকে অকলশৰীয়া মহিলাগৰাকীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল ৷ কিন্তু নিশা আহাৰ গ্ৰহণ কৰাৰ পাছতেই মহিলা গৰাকী ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু তাৰ পাছতেই তেওঁ হঠাৎ অগ্নিদগ্ধ হয় ৷ এনে পৰিস্থিতিত স্থানীয় ৰাইজে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ ভাষ্কৰ ভট্টাচাৰ্য নামৰ লোকজনক মহিলা গৰাকীক জুই নুমোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৰ্বতী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে লোক জনক আটক কৰিবলৈ সক্ষম হয় ৷ লোকজনে আৰক্ষীৰ আগত তেওঁ মহিলা গৰাকীৰ ঘৰত নৈশ যাপন কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰিছে যদিও কিয় আৰু কেনেকৈ অগ্নিদগ্ধ হ'ল সেয়া তেওঁ জ্ঞাত নহয় বুলি জানিবলৈ দিছে ৷ ইফালে মহিলাগৰাকী শৰীৰৰ 80 শতাংশ অগ্নিদগ্ধ হোৱাৰ পাছতো সহায় কৰিবলৈ স্থানীয় কোনো ৰাইজ আগবাঢ়ি নহাত কৰিমগঞ্জ সদৰ থানাৰ টাউন ইনচাৰ্জ কমলেশ ছিঙে মহিলা গৰাকীক নিজে কোলাত উঠাই অটোৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এয়া হত্যাৰ চেষ্টা নে আত্মহত্যা নে আকস্মিক দুৰ্ঘটনা সেই কথা পোহৰলৈ অহা নাই ৷
ৰহস্যজনক ভাৱে এগৰাকি মহিলা অগ্নীদগ্ধ হৈ মৃত্যুৰ সৈতে যুজিবলগা হৈছে । ঘটনা কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডৰ । ৰাতিৰ ভাগত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে অকলশৰিয়া বিধবা মহিলাৰ ঘৰটোৰ পৰা এগৰাকি লোকক হাতেলোটে ধৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে । ৰহস্যময় ব্যক্তিজনেও স্বীকাৰ কৰে, ৰাতি মহিলা গৰাকিৰ ঘৰত ভাত খোৱাৰ লগতে ৰাত্ৰীযাপন কৰিবলৈ লৈছিল । কিন্তু মহিলা গৰাকিয়ে হঠাতে ঘৰৰ পৰা ওলাই নিজে জুই লগাই দিয়ে । অকলশৰিয়া বিধবা মহিলাৰ ঘৰত পুৰুষৰ উপস্থিতিত অগ্নীদগ্ধ হোৱাৰ ঘটনায় ৰহস্যয় বিৰাজ কৰিছে । এয়া আত্মহত্যাৰ, নে হত্যাৰ চেষ্ঠা, নে কোনও দূৰ্ঘটনা এয়া এই মুহুৰ্ত্তত কোৱা টান হৈ পড়িছে । কিন্তু এই ঘটনাত কৰিমগঞ্জৰ এগৰাকি আৰক্ষীৰ সাহসী আৰু সময়োচিত পদক্ষেপৰ ফলত প্ৰায় ৮০ শতাংশ জ্বলি যোৱাৰ পাছতো মহিলাগৰাকি এতিৱাও জিৱাই আছে । কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষী তথা টাউন ইনচাৰ্জ কমলেশ ছিঙে স্থানীয় কোনেও আগ বড়া নেদেখি নিজে কোলাত উঠাই অটো দি অগ্নীদগ্ধ মহিলা গৰাকিক ততাতৈকৈ কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰায় ।
কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডত সংঘটিত হল ৰহস্যজনক ঘটনা । ৰাতিৰ ভাগত ৰেনু বিশ্বাস নামৰ এগৰাকি অকলশৰিয়া বিধবা মহিলা অগ্নীদগ্ধ হয় । জুই লগাৰ ওমান পাই স্থানীয় ৰাইজ আহি উপস্থিত হয় । সেই সময় এগৰাকি অচিনাকি লোকে জুই নুমুৱা দেখি ৰাইজৰ সন্দেহ হয় । ভাষ্কৰ ভট্টাচাৰ্য নামৰ লোকজনে ৰাইজৰ আগত স্বীকাৰ কৰে, তেওঁ মহিলাগৰাকিৰ ঘৰতো আছিল । এয়া শুনি ৰাইজে আৰক্ষী অহাৰ আগলৈকে লোকজনক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে । আৰক্ষী উপস্থিত হলে কৰিমগঞ্জ সদৰ থানাৰ টাউন ইনচাৰ্জ কমলেশ ছিঙে স্থানীয় কোনেও আগ বড়া নেদেখি অগ্নীদগ্ধ মহিলা গৰাকিক নিজে কোলাত উঠাই অটো দি ততাতৈকৈ কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ত পঠিৱায় । লগতে ৰহস্যজনক ব্যক্তিজনক আটক কৰি থনালৈ পঠিৱাই দিয়ে । আৰক্ষীৰ এনে ভূমিকাত সাহস লাভ কৰি হাত লগায় উপস্থিত ৰাইজেও । উল্লেখ্য, মহিলাগৰাকিৰ দুই পুত্ৰ কাছাড় জিলাৰ কালইনত থাকে, এগৰাকি বিবাহিত কন্যাও আছে মহিলাগাৰকিৰ । ইফালে এনে ঘটনাৰ সময়ত অকলশৰিয়া বিধবা মহিলাগৰাকিৰ ঘৰত এই পুৰুষজনৰ উপস্থিতিয়ে ৰহস্যাবৃত কৰি তোলিছে ঘটনাটো । ৰহস্যময় ব্যক্তি ভাষ্কৰ ভট্টাচাৰ্যয় আমাৰ কেমেৰাৰ আগত স্বীকাৰ কৰে, তেঁও ৰাতিৰ ভাগত মহিলা গৰাকিৰ ঘৰত ভাত খাই শুবলৈ ধৰিছিল । হঠাতে মহিলাগাৰকিয়ে বাহিৰত ওলাই নিজে জুই লগাই দিয়ে । কিন্তু ইয়াতে স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হয়, লোকজন কিয় মহিলাগৰাকিৰ ঘৰত ৰাত্ৰীযাপন কৰাৰ বাৱে আহিছিল... কোন কাৰনত বাধ্য হৈ মহিলাগৰাকিয়ে নিজে জুই লগাইছিল .... মহিলাগৰাকিয়ে নিজে জুই লগাইছিল নে হত্যাৰ চেষ্ঠা চলুৱা হৈছিল । মহিলা গৰাকি প্ৰায় ৮০ শতাংশ জ্বলি যোৱাৰ ফলত এনে প্ৰশ্নৰ উত্তৰ পোৱা টান হৈছে যদিও আৰক্ষীৰ সঠিক অনুসন্ধানত সকলো ওলাই অহাৰ সম্ভাবনা ।Conclusion:পিছে আৰক্ষীৰ তদন্তত কি পোহৰিলৈ আহে এয়াই হব লক্ষ্যণীয়