ETV Bharat / state

পথ বুলিবলৈ একোৱেই নাই ঃ ৰাইজৰো উপায় নাই

author img

By

Published : Jan 10, 2020, 9:30 PM IST

কৰিমগঞ্জ জিলাৰ কাশিনাথপুৰ অঞ্চলৰ এটা পথ ৷ যিটো পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ বহু সংখ্যক লোকক ৷ পথৰ এনে কদৰ্য ৰূপে প্ৰমাণিত কৰিছে উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনৰ প্ৰকৃত স্বৰূপ ৷

karimganj road
কাশিনাথপুৰ এলেকাৰ এটা পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ লোকক

কৰিমগঞ্জ , 10 ডিচেম্বৰ : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশিনাথপুৰ এলেকাৰ এটা পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ বহু সংখ্যক লোকক ৷ পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ মাজত সংযোগী পথটোৰ অৱস্থা শোচনীয় ৷ ৰাতাবাৰী সমষ্টিৰ অধীনত থকা ৰংপুৰ, ভুতুৰপুল, কালাগংগাৰপাৰ সহ কেইবাখনো গাঁওৰ একমাত্ৰ ভৰষা এই পথটোৰ অৱস্থা শোচনীয় হোৱাত সমস্যাত ভুগিছে অঞ্চলবাসী ৷ একবিংশ শতিকাতো যোগাযোগ ব্যৱস্থা সুচল নোহোৱা বাবে ৰোগীক কান্ধত ওলোমাই নিবলগীয়া হৈছে হাস্পতাললৈ ৷ পথৰ এনে কদয্য ৰূপে প্ৰমাণিত কৰিছে উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনৰ প্ৰকৃত স্বৰূপ ৷ কেইবাখন গাঁৱৰ একমাত্ৰ ভৰষা এই পথটো বাদশাহী বনাঞ্চল এলেকাত বনবিভাগে কাটি দিয়াৰ ফলত সমস্যা দুগুণে বৃদ্ধি পাইছে বুলি মন্তব্য স্থানীয় লোকৰ । ইয়াৰ পিছতো পথটো নিৰ্মাণৰ বাবে বৰ্তমানলৈকে ৰজাঘৰীয়াই লোৱা নাই বিশেষ কোনো পদক্ষেপ । ইপিনে বনবিভাগে সংঘটিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে স্থানীয় ৰাইজে এতিয়া বনবিভাগৰ পৰা উচিত তদন্তৰ দাবী জনাইছে স্থানীয় লোকে ।

কাশিনাথপুৰ এলেকাৰ এটা পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ লোকক

লগতে পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে যুৱকে

Intro:Body:SLUG : LOCAL AMBULANCE. 

বাংলাদেশীক ৰাজ্যত সংস্থাপন দিয়াৰ ব্যবস্থা কৰি দিয়াৰ প্ৰস্তুতি লোৱা চৰকাৰখনৰ দিনত আচলতে কী অবস্থাত আছে ৰাজ্যৰ খিলঞ্জীয়া মানুহ সকল ? একবিংশ শতিকাৰ দিনতো বেহাল যোগাযোগ ব্যৱস্থাৰ বাবে ৰোগীক কান্ধত ওলোমাই হস্পিটালত লৈ যাব লগা হৈছে । গাঁৱৰ এগৰাকী মুমূৰ্ষু ৰোগীক এনেদৰেই লৈ যোৱা হৈছে মাকুন্দা খ্ৰীষ্টান মিছনেৰী হস্পিটালত  । উন্নয়নৰ স্বপোন দেখুৱা বিজেপি চৰকাৰৰ দিনত যোগাযোগ ব্যবস্থাৰ এনে ভয়ানক চিত্ৰ কেমেৰাত বন্দী হৈছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশিনাথপুৰ এলেকাৰ পৰা । এনেই বেহাল অবস্থাত আছে ৰাতাবাৰী  সমষ্টিৰ অধিনত থকা ৰংপুৰ, ভুতুৰপুল, কালাগংগাৰপাৰ সহ কেবাখনো গাঁওৰ একমাত্ৰ ভৰষা এই পথটো । আনহাতে এই পথটো হৈছে পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ মাজত সংযোগী এটা পথ । বৰ্তমানে বাদশাহী বনাঞ্চল এলেকাত বনবিভাগে পথটো কাটি দিয়াৰ ফলত সমস্যা দ্বিগুন বৃদ্ধি পাইছে । উল্লেখযোগ্য যেন এই পথটোৱে হৈছে বৃহত্তৰ এই এলেকাৰ যোগাযোগৰ একমাত্ৰ মাধ্যম । বছৰৰ পিছত বছৰ ধৰি বেহাল অবস্থাত থকা  এই পথেৰে নিতৌ বিদ্যালয়ৰ পৰা চিকিত্সালয়ত যাব লাগে গাঁওৰ হাজাৰ হাজাৰ লোকে । ইয়াৰ পিছতো পথটো নিৰ্মাণৰ বাবে আজিলৈকে ৰজাঘৰীয়াই লোৱা নাই বিশেষ কোনো পদক্ষেপ । ইপিনে বনবিভাগে সংঘটিত কৰা এনে কান্ডৰ বিৰুদ্ধে  ৰাইজে এতিয়া বনবিভাগৰ পৰা উচিত বিচাৰ হোৱাটো বিচাৰিছে ।

Byte : Local Public Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.