দক্ষিণ কৰিমগঞ্জ, ২৯ এপ্ৰিলঃ কৰিমগঞ্জৰ বাৰইগ্ৰামত পথ নিৰ্মাণৰ নামত এগৰাকী ঠিকাদাৰৰ বিুৰদ্ধে নিম্ন মানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । ক্ষোভিত হৈ ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য । কেৱল এয়াই নহয়, ৰাইজে নিম্নমানৰ কামত বাধা দিয়াৰ চেষ্টা কৰিলেও ঠিকাদাৰৰ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে । অৱশেষত উপায়ন্তৰ হৈ স্থানীয় ৰাইজে বন্ধ কৰিলে পথটোৰ নিৰ্মাণ কাৰ্য ।
উল্লেখ্য যে, দীৰ্ঘ বছৰ ধৰি বাৰইগ্ৰাম পেচাৰপাৰ আৰু ৰঘুৰটুকৰ পথ দুটাৰ দুৰৱস্থাই জীয়াতু ভুগাইছিল কেইবাখনো গাঁৱৰ শতাধিক ৰাইজক । ৰাইজৰ দাবীৰ অন্তত অৱশেষত DADB আৰু PDW'ৰ নিৰ্মাণৰ নামত চৰকাৰৰ ফালৰ পৰা কেইবা কোটি টকাৰ আৱন্টন দিয়া হয় । আনকি, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানে এই কামৰ আধাৰশিলা স্থাপন কৰিছিল ।