ETV Bharat / state

কৰিমগঞ্জত পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ - বাৰ্মিজ চিগাৰেটৰ অবৈধ ব্যৱসায়

ক'লা বেহাৰ কৰিডৰত পৰিণত অসম মিজোৰাম সীমান্তৰ কৰিমগঞ্জ জিলাৰ মেডলিছড়া অঞ্চল ৷ কৰিমগঞ্জ বাজাড়ীছড়া আৰক্ষীৰ অভিযানত পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ ৷ বাৰ্মিজ চুপাৰি আৰু কয়লা চিণ্ডিকেটৰ পাছত এতিয়া বৰাকত বাৰ্মিজ চিগাৰেটৰ ৰমৰমীয়া বেপাৰ অব্যাহত থকাৰ অভিযোগ ৷

karimganj police seized huge stock of burmese cigerette
কৰিমগঞ্জত পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ
author img

By

Published : Dec 15, 2020, 8:52 AM IST

কৰিমগঞ্জ, 15 ডিচেম্বৰ: বৰাক উপত্যকাত অব্যাহত আছে বাৰ্মিজ চুপাৰি আৰু কয়লাকে ধৰি বাৰ্মিজ চিগাৰেটৰ ক'লা ব্যৱসায় ৷ বৰাক উপত্যকাত চলি অহা বাৰ্মিজ চিগাৰেটৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ উদ্দেশ্য দীৰ্ঘদিনৰ পৰা চলাই অহা প্ৰচেষ্টাৰ অন্তত সোমবাৰে কৰিমগঞ্জ বাজাৰীছড়া আৰক্ষীয়ে প্ৰায় পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷

karimganj police seized huge stock of burmese cigerette
কৰিমগঞ্জ বাজাড়ীছড়া আৰক্ষীৰ অভিযানত চিগাৰেটখিনি জব্দ কৰা হয়

জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মিজোৰাম সীমান্ত অতিক্ৰম কৰি অহা AS 11 CC 5342 নম্বৰৰ এখন ট্ৰাকত তালাচি চলাই প্ৰায় পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাহনখনৰ চালক ছালেহ আহমেদক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

মিজোৰাম সীমান্ত অতিক্ৰম কৰি অহা এখন ট্ৰাকৰ পৰা উক্ত সামগ্ৰীখিনি জব্দ কৰা হয়

উল্লেখ্য যে কৰিমগঞ্জত দীৰ্ঘদিনৰ পৰাই বাৰ্মিজ চিগাৰেট তথা চুপাৰি আৰু কয়লাৰ ক'লা ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ বিশেষকৈ অসম মিজোৰাম সীমান্তৰ কৰিমগঞ্জ জিলাৰ মেদলিছড়া অঞ্চলটো এনেধৰণৰ ক'লা ব্যৱসায়ৰ বাবে কৰিডৰ স্বৰূপ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

ট্ৰাক খনৰ চালকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধ পোচ আৰম্ভ কৰিছে

কৰিমগঞ্জ বাজাৰীছড়া আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে এই ব্যৱসায়ৰ বিৰুদ্ধে তেওঁলোকে বহুদিনৰ পৰাই অভিযান অব্যাহত ৰাখিছে যদিও প্ৰতিবাৰেই চোৰাং ব্যৱসায়ী সকলে নতুন নতুন পন্থা অৱলম্বন কৰি হাত সাৰি যাবলৈ সক্ষম হয় ৷ অৱশেষত বিশেষ চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ চোৰৰ বৃহৎ দল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.