কৰিমগঞ্জ, 7 অক্টোবৰ : "কৰিমগঞ্জত প্ৰস্তাৱিত মেডিকেল কলেজ নিৰ্মাণক লৈ ল'ৰা ধেমালি কৰিছে বিজেপি চৰকাৰে।" এই অভিযোগ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ৷ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰি কৰিমগঞ্জৰ ৰাইজৰ লগত বিশ্বাসঘাতকতা কৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷ ইতিমধ্যে মন্ত্ৰী হিমন্তই কৰিমগঞ্জৰ ৰাতাবাড়ীত উপস্থিত হৈ ৰাতাবাড়ীৰ বিধায়ক আৰু পাথাৰকান্দিৰ বিধায়কৰ মাজত চিকিৎসালয়খনৰ নিৰ্মাণৰ স্থানক কেন্দ্ৰ কৰি চলি থকা সংঘাতৰ বাবেই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ কামত পলম হোৱা বুলি জনায় ৷ ইয়াকে লৈ ক্ষোভ উজাৰে বিধায়ক কমলাক্ষই ৷ চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ নামত চৰকাৰে লৰা-ধেমালি কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় কমলাক্ষ দে পুৰকায়স্থ ৷
লগতে পঢ়ক : ৰাজনীতিৰ নাগপাশত বন্দী 28 শ কোটি টকীয়া 'অৰুণোদয়' আঁচনিঃ দুৰ্লভ চমুৱা