ETV Bharat / state

ভুৱা পৰিচয়ৰে মহিলা পলুৱাই আনি বিপদত জামাল হুছেইন - etv bharat assam

ফেচবুকৰ জড়িয়তে মিছা পৰিচয়ৰে চিনাকী হৈ প্ৰলোভন দেখুৱাই পলুৱাই আনে মনিপুৰৰ দুই সন্তানৰ মাতৃক ৷ মহিলা গৰাকীৰ আগত নিজকে বাবুল দাস বুলি পৰিচয় দি আহিছিল জামাল হুছেইনে ৷ ইমানেই নহয়, মহিলাগৰাকীক পলুৱাই আনি তিনিদিন ধৰি ত্ৰিপুৰাৰ হোটেলত বন্দী কৰি ৰাখে অভিযুক্ত জামাল হুছেইনে ৷

ভুৱা পৰিচয়ৰে মহিলা পলুৱাই আনি ৰাইজৰ ৰোষত কৰিমগঞ্জৰ ব্যক্তি
author img

By

Published : Jun 15, 2019, 6:24 PM IST

কৰিমগঞ্জ, 15 জুনঃ গোপন পৰিচয়ৰে ফেচবুকৰ জড়িয়তে মহিলা পলুৱাই আনি ৰাইজৰ ৰোষত পৰিল কৰিমগঞ্জৰ বাজাড়িছৰাৰ জামাল হুছেইন ৷ ফেচবুকৰ জড়িয়তে গোপন পৰিচয়ৰে মনিপুৰৰ মহিলাৰ লগত চিনাকী হৈ মিছা প্ৰলোভন দেখুৱাই পলুৱাই আনে মনিপুৰৰ দুই সন্তানৰ মাতৃক ৷ মহিলা গৰাকীক বাবুল দাস বুলি পৰিচয় দি আহিছিল জামাল হুছেইনে ৷ আনহাতে, মহিলাগৰাকীক পলুৱাই আনি তিনিদিন ধৰি ত্ৰিপুৰাৰ হোটেলত ৰাখে জামাল হুছেইনে ৷ তাৰ পাচত মহিলা গৰাকীয়ে হোটেলৰ পঞ্জীয়ন বহিত চাই গম পাই জামাল হুছেইনৰ প্ৰকৃত পৰিচয় ৷ ভুক্তভোগী মহিলা গৰাকীয়ে ব্যক্তিগৰাকীৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পাচতে অৱগত কৰাই দূৰ্গাবাহিনীক ৷ দূৰ্গাবাহিনীয়ে খবৰ লাভ কৰাৰ পাচতে পাথাৰখান্দি ৰে'ল ষ্টেচনত বজৰং দলৰ সহায়ত দূৰ্গা বাহিনীয়ে কৰায়ত্ব কৰে ধৃত জামাল হুছেইনসহ মহিলাগৰাকীক ৷

Intro:Body:SLUG: LOVE ZIHAD CASE, KARIMGANJ
নিজৰ পৰিচয় গোপন কৰি ফেইছবুকৰ জড়িয়তে ভিন্নধৰ্মী মহিলাক প্ৰেমৰ জলত আবদ্ধ । প্ৰথমে ফেইছবুকত, পৰবৰ্তিত ফোনযোগে অন্তৰংগ সম্পৰ্ক গড়ি মনিপুৰৰ পৰা দুই সন্তানৰ জননীক পলাই লৈ আহিলে কৰিমগঞ্জৰ বাজাড়িছৰাত । তিনিদিনলৈকে পাশ্ববৰ্তি ত্ৰিপুৰা ৰাজ্যৰ ধৰ্মনগৰৰ এটা হোটেলত কটাই পাথাৰকান্দিৰ পৰা মহিলাগৰাকিক গুৱাহাটিলৈ লৈ যোৱাৰ পৰিকল্পনা ৰচিছিল জামিল হুছেইন নামৰ যুবকজনে । কিন্তু শেষ ৰক্ষা নহল । পাথাৰকান্দি ৰেল ষ্টেচনৰ পৰা বজৰং দল আৰু দূৰ্গা বাহীনিৰ সদস্যয় কৰায়ত্ব কৰি দুয়োক গতাই দিলে আৰক্ষীক ।
কৰিমগঞ্জ জিলাৰ বাজাড়িছৰাৰ জামাল হুছেইনে এবছৰ পূৰ্বে ফেইছবুকৰ জড়িয়তে মণিপুৰত থকা মহিলাগৰিকৰ সৈতে পৰিচয় কৰে । জামিলে ফেইবুকত তেওঁৰ নাম বাবুল দাস বুলি উল্লেখ কৰিছিল । পৰবৰ্তিত ফোনৰ জড়িয়তে দুয়োৰ সম্পৰ্ক আৰুও ঘনিভূত হয় । যোৱা সপ্তাহত যুবকজনে মহিলা গৰাকিক প্ৰলোভন দেখুৱাই পাথাৰকান্দি অঞ্চলত আনি ত্ৰিপুৰাৰ ধৰ্মনগৰত লৈ যায় । ধৰ্মনগৰৰ এটা হোটেলত তিনিদিন যাপন কৰে । কিন্তু মহিলাগৰকিয়ে তেতিয়া হোটেলৰ ৰেজিষ্ট্ৰাৰ চাই জানি লয় যুবকজনে তেওঁৰ নাম বাবুল মিঞা আৰু তাইৰ নাম বাবলী শেখ বুলি লিখায় । এই কাহানি পোহৰলৈ অহাৰ সম্ভাবনা দেখি যুবকজনে মহিলাগৰাকিক লৈ ধৰ্মনগৰ ত্যাগ কৰি পাথাৰকান্দিলৈ আহি যায় । এনে ঘটনা হোটেল কতৃপক্ষৰো নজৰত আহিলে পাথাৰাকন্দিৰ কিছু লোকক অবগত কৰি ৰাখে । যোৱাকালি ৰাতি পাথাৰকান্দিৰ পৰা গুৱাহাটি লৈ পলাই যোৱাৰ পূৰ্বে ৰেল ষ্টেচনত দুয়োকে দেখি কিছু লোকৰ সন্দেহ হয় । পবৰ্তিতত বজৰং দল আৰু দূৰ্গা বাহিনীৰ সদস্য আহি তেওঁলোকৰ পৰিচয় জানিব বিচাৰিলে ওলাই পড়ে সকলো তথ্য । জানিব পাৰা মতে , মহিলাগাৰকিয়ে দূৰ্গাবাহিনীৰ সদস্যাক জনায়, যুবকজনে পৰিচয় গোপন কৰি তেওঁক যোৱা এক বছৰৰ পৰা তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল । যোৱা সপ্তাহত ফোন কৰি ইয়ালৈ লৈ আহে আৰু ধৰ্মনগৰত লৈ যোৱাৰ কথাও স্বীকাৰ কৰে ।
BYTE: বজৰং সদস্যConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.