ETV Bharat / state

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিমগঞ্জত - Karimganj drinking water crisis

কৰিমগঞ্জ পৌৰসভাই ৰাসায়নিকৰ যোগান বন্ধ ৰখাত বিগত দুমাহ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত সুচাৰুৰূপে যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত কেৱল এসময়তহে যোগান ধৰিছে পানী ৷ কিন্তু সেই পানী খোৱাৰ উপযোগী হয় নে নহয় তাক লৈও চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

Karimganj Drinking water crisis
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিমগঞ্জত
author img

By

Published : Nov 26, 2019, 7:19 PM IST

কৰিমগঞ্জ, 26 নৱেম্বৰঃ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে কৰিমগঞ্জ চহৰত ৷ পৰ্যাপ্ত ৰাসায়নিকৰ অভাৱত বিপৰ্যস্ত হৈছে পানী যোগান ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত কেৱল এসময়তহে যোগান ধৰিছে পানী ৷ কিন্তু সেই পানী খোৱাৰ উপযোগী হয় নে নহয় তাক লৈও চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিমগঞ্জত

উল্লেখ্য যে,কৰিমগঞ্জ পৌৰসভাই ৰাসায়নিকৰ যোগান বন্ধ ৰখাত বিগত দুমাহ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত সুচাৰুৰূপে যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ৷ মাহিলী 17 টন ৰাসায়নিকৰ পৰিৱৰ্তে পৌৰসভাই যোগান ধৰিছে কেৱল মাত্ৰ 6টন ৰাসায়নিক ৷ আনহাতে বিগত দুমাহ ধৰি কোনোধৰণৰ ৰাসায়নিকৰ যোগান ধৰা নাই পৌৰসভাই ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে অন্য জিলা আৰু গ্ৰামাঞ্চলৰ পৰা ৰাসায়নিক ধাৰলৈ আনি অব্যাহত ৰাখিছে পানী যোগান ৷ কিন্তু অতি শীঘ্ৰেই খোৱা পানী যোগান বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে বিভাগটোৱে ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত কংগ্ৰেছ সদস্যসকলে বিশুদ্ধ পানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাক হেঁচা প্ৰয়োগ কৰে ৷

আনহাতে,চিপিআই নেতা চন্দন চক্ৰৱৰ্তীয়েও দলীয় কৰ্মীসকলক লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত খালি কলহ লৈ প্ৰতিবাদ কৰে ৷ প্ৰতিমাহে অতিৰিক্তকৈ বেটাৰমেন্ট টেক্স দিয়াৰ পিছতো পৌৰসভাই উপযুক্ত সেৱা আগবঢ়াব নোৱাৰাৰ বাবে পৌৰসভাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

Intro:বিশুদ্ধ খোৱা পানীৰ হাহাকাৰ কৰিমগঞ্জ জিলাতBody:
SLUG: DRINKING WATER CRISIS FOR CHEMICAL SHORTAGE, KARIMGANJ
কৰিমগঞ্জ চহৰত বিশুদ্ধ খোৱাপানীৰ হাহাকাৰ । ৰাসায়নিকৰ অভাবত বিপৰ্য্যস্থ হৈ উঠিছে বিশুদ্ধ পানী যোগান । আনকি আগন্তুক দিনত কৰিমগঞ্জত বন্ধ কৰি দিয়া হব পাৰে খোৱাপানীৰ যোগান । বৰ্তমানে জনস্বাস্থ্য কাৰিগৰি বিভাগৰ ফালৰ পৰা দুবেলাৰ পৰিবৰ্তে কেৱল একেবেলা যোগান ধৰা হৈ আছে পানী । সেয়াও আকৌ বিশুদ্ধ, নে বিষাক্ত এয়া লৈ ৰাইজৰ মাজত দেখা দিছে ব্যাপক সন্দেহ । পৰিস্থিতি স্বাবাভিক কৰাৰ বাৱে প্ৰায় প্ৰতিদিনেই এতিয়া একোটা একোটা ৰাজনৈতিক দলে জনস্বাস্থ্য কাৰিগৰি বিভাগক হেঁচা দি আছে । লগতে জগৰিয়া কৰি আছে কৰিমগঞ্জ পৌৰসভাকো ।
পৰ্যাপ্ত ৰাসায়নিকৰ অভাবত প্ৰায় ২ মাহ ধৰি খোৱা পানীৰ সমস্যাত জৰ্জৰিত হৈ আছে কৰিমগঞ্জ চহৰৰ ৰাইজ ।কৰিমগঞ্জ পৌৰসভায় ৰাসায়নিকখনি যোগান বন্ধ ৰখাত জনস্বাস্থ্য কাৰিগৰি বিভাগে চহৰত সুচাৰুৰূপে খোৱাপানী যোগান ধৰিব পাৰা নাই । দিনত মাথৌ এবেলা পানী যোগান ধৰে, সেয়াও ভালদৰে শুদ্ধিকৰন নহয় । কৰিমগঞ্জ চহৰত দুবেলা বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাৱে মাহেলি মোঠ ১৭ মেট্ৰিকটন ৰাসায়নিকৰ প্ৰয়োজন । কিন্তু তিনিমাহৰ ভিতৰত কেৱলমাথৌ ৬টন ৰাসায়নিকহে যোগান ধৰিছে পৌৰসভায় । যোৱা দুমাহ ধৰি কোনও ৰাসায়নিক যোগান ধৰা নাই । জনস্বাস্থ্য কাৰিগৰি বিভাগে বেলেগ জিলা আৰু গ্ৰামীন এলাকাৰ বাৱে বৰাদ্ধকৃত ৰাসায়নিকৰ পৰা কিছু পৰিমানে ধাৰ কৰি আনি চলাই আছে পানী যোগান । কিন্তু এয়া আৰু বেশীদিন নচলে । অতি পলমেই বিশুদ্ধ খোৱা পানী যোগান বন্ধ কৰি দিয়া হব বুলি জনোৱা হয় বিভাগটোৰ ফালৰ পৰা ।
ইয়াকে লৈ শাসক দল বিজেপিৰ কোনও তত্পৰা নেথাকিলেও কংগ্ৰেছ আৰু চিপিআই দলৰ ফালৰ পৰা বিভাগীয় কাৰ্যালয়ত প্ৰতিবাদ জনোৱা হয় । প্ৰথমে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত কংগ্ৰেছ সদস্যসকলে প্ৰতিবাদ কৰি জনস্বাস্থ্য কাৰিগৰি বিভাগৰ কাৰ্যবাহী অভিযন্তাক হেঁচা দিয়ে যিকোনও প্ৰকাৰে বিশুদ্ধ খোৱা পানী যোগান অব্যাহত ৰখাৰ বাৱে । বিধায়ক গৰাকিয়ে ইয়াৰ বাৱে বৰ্তমান ৰাজ্য চৰকাৰ আৰু বিজেপি পৰিচালিত কৰিমগঞ্জ পৌৰসভাক জগৰিয়া কৰে । চিপিআই নেতা চন্দন চক্ৰবৰ্তিয়েও দলীয় কেডাৰক লৈ কাৰ্যালয়টোৰ সম্মুখত খালি কলহ লৈ প্ৰতিবাদী কাৰ্যসূচি পালন কৰে । তেঁও কয়, ৰাসায়নিকৰ অভাবত যি সামান্য পানী যোগান দিয়া হৈ আছে, এয়া সঁচাকৈ বিশুদ্ধ, নে বিষাক্ত এয়া লৈ যথেষ্ঠ সন্দেহ আছে । লগতে কৰিমগঞ্জ পৌৰসভাৰ বিৰুদ্ধেও ব্যাপক ক্ষোভ উজাৰে । কয়, পৌৰ নাগৰিকে প্ৰতিমাহে অতিৰিক্তকৈ বেটাৰমেন্ট টেক্স দিয়াৰ পাছতো কিয় পৌৰসভায় বেটাৰ চাৰ্ভিছ দিবা পাৰা নাই । কি হৈ আছে টকাখিনি ।

          Conclusion:পিছে কি ব্যৱস্থা লয় জনস্বাস্থ্য কাৰীগৰী বিভাগে এয়াই লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.