ETV Bharat / state

কৰিমগঞ্জত মুক্তিপণ নাপাই অপহৰণকাৰীয়ে হত্যা কৰিলে যুৱকক

author img

By

Published : Nov 12, 2020, 5:35 PM IST

কৰিমগঞ্জৰ ভাঙ্গাত উদ্ধাৰ হৈছে কাছাৰৰ কাটিগৰাৰ পৰা অপহৃত যুৱকৰ অৰ্ধগলিত মৃতদেহ ৷ যোৱা 25 চেপ্টেম্বৰৰ নিশা কাটিগড়া জগদীশপুৰ গাঁৱৰ অট’চালক ৰমিজক অট’সহ অপহৰণ কৰে দূৰ্বৃত্তই ৷ পৰৱৰ্তী সময়ত অপহৰণকাৰীয়ে দৰিদ্ৰ পৰিয়ালৰ পৰা দহ লাখ টকা মুক্তিপণ দাবী কৰা বুলি জানিব পৰা গৈছে ৷

karimganj-deadbody-recovered
কৰিমগঞ্জত মুক্তিপণ নাপাই অপহৰণকাৰীয়ে হত্যা কৰিলে যুৱকক

কৰিমগঞ্জ, 12 নৱেম্বৰ: কৰিমগঞ্জৰ ভাঙ্গাত উদ্ধাৰ হৈছে কাছাৰৰ কাটিগৰাৰ পৰা অপহৃত যুবকৰ এটি অৰ্ধগলিত মৃতদেহ ৷ যোৱা 25 চেপ্টেম্বৰৰ নিশা কাটিগড়া জগদীশপুৰ গাঁৱৰ অট’চালক ৰমিজক অট’সহ অপহৰণ কৰে দূৰ্বৃত্তই ৷ পৰৱৰ্তী সময়ত অপহৰণকাৰীয়ে দৰিদ্ৰ পৰিয়ালৰ পৰা দহ লাখ টকা মুক্তিপণ দাবী কৰে যদিও চালক ৰমিজৰ দৰিদ্ৰ পৰিয়ালটোৱে মুক্তিপণৰ ধন দিবলৈ অসমৰ্থ হয় আৰু যাৰ বাবেই অপহৰণকাৰীয়ে ৰমিজক হত্যা কৰি ভাঙ্গাৰ ৰচুলপুৰৰ এটা পুখুৰীত পেলাই দিয়ে ৷

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি পাঁচগ্ৰামত ৰমিজৰ অ’টো ৰিক্সাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও শুংসুত্ৰ নাপায় অপহৃত ৰমিজৰ ৷ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত কমৰুল ইছলাম আৰু আমিৰ উদ্দিন নামৰ দুজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখে আৰু আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে বদৰপুৰ আৰক্ষী আৰু কাটিগড়া আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাই অপহৃত যুৱকজনৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: ভাৰতত ইউটিউবৰ বৃহৎ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.