কৰিমগঞ্জ,23জুলাই: আজি কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম পাথাৰকান্দি আঞ্চলিক কমিটিয়ে ৷ জিলাখনৰ লোয়াইৰপোয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখনত কৃষকসকলৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সংগঠনটোৰ সদস্য সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷
অন্য এক খবৰৰ বাবে:দুটা পৃথক হত্যাকাণ্ডত শিশু সহিতে ৫ জনৰ মৃত্যু
প্ৰতিবাদকাৰীসকলৰ মন্তব্য অনুসৰি,ৰাজ্যৰ কৃষকসকলে বৰ্তমানেও তেওঁলোকৰ উচিত প্ৰাপ্য লাভ কৰা নাই ৷ যাৰ বাবে বহু কৃষকে আত্মহত্যাৰ দৰে পথ বাচি ল'ব লগা হৈছে ৷ বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চিপিআইএমৰ সদস্যসকলে সাংবাদিকৰ আগত উল্লেখ কৰে ৷ অতি শীঘ্ৰে ৰাজ্যৰ কৃষকসকলক সহায়ৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷