কৰিমগঞ্জ, 10 জুলাই : তথ্য প্ৰমাণ অবিহনে এগৰাকী যুৱকক উগ্ৰপন্থী আখ্যা দিয়াৰ বাবে পুনৰ আদালতৰ ৰোষত পৰিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ । কৰিমগঞ্জ আদালতে ছিদ্দিক আহমেদৰ বিৰুদ্ধে 15,000 টকাৰ জৰিমনা আৰোপ কৰে । জৰিমনাৰ ধন নিদিলে দুই মাহৰ কাৰাবাসৰ নিৰ্দেশ দিয়ে আদালতে ৷
প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে 2015 চনত ৰেজাউল কৰিম নামৰ এগৰাকী যুৱকক উগ্ৰপন্থী আখ্যা দি সংবাদ মাধ্যমৰ আগত মন্তব্য দিছিল ৷ যুৱকজনে ইয়াৰ বিৰুদ্ধে ছিদ্দিক আহমেদৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতত গোচৰ ৰুজু কৰিছিল । গোচৰৰ ভিত্তিত আদালতে ছিদ্দিক আহমেদৰ বিৰুদ্ধে জৰিমনা জাৰি কৰিছে । আহমেদে অহা 3 আগষ্টৰ ভিতৰত ভৰিব লাগিব জৰিমনাৰ ধন ।
লগতে পঢ়ক : ৰাজ্যত পুনৰ ক'ৰণাত মৃত্যু চাৰি গৰাকীৰ