ETV Bharat / state

কৰিমগঞ্জত পথ দুৰ্ঘটনাঃ থিতাতে নিহত তিনি

author img

By

Published : Nov 15, 2019, 11:18 PM IST

এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইকে এজন পথচাৰীক মহতিয়াই ট্ৰাকৰ তলত সোমাই পৰে ৷ দুৰ্ঘটনাটোত মনু ৰৱ নামৰ পথচাৰীজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে বাইকৰ চালক আৰু আৰোহীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ কিন্তু চিকিৎসালয়তে দুয়োকে  মৃত ঘোষণা কৰে ৷

কৰিমগঞ্জত উদণ্ড বাইকচালকৰ আতংক: পালচাৰৰ সংঘৰ্ষত থিতাতে নিহত তিনি

কৰিমগঞ্জ, 15 নৱেম্বৰ: কৰিমগঞ্জৰ জিলাৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বাইক চালকৰ দৌৰাত্ম ৷ শুকুৰবাৰে নিশা কৰিমগঞ্জ চহৰৰ বজেন্দ্ৰ নগৰ এলেকাৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড বাইক চালকে সংঘটিত কৰে এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইকে এজন পথচাৰীক মহতিয়াই ট্ৰাকৰ তলত সোমাই পৰে ৷ দুৰ্ঘটনাটোত মনু ৰৱ নামৰ পথচাৰীজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে বাইকৰ চালক আৰু আৰোহীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ কিন্তু চিকিৎসালয়তে দুয়োকে মৃত ঘোষণা কৰে ৷ ইফালে দুৰ্ঘটনাটোৰ পাছত ঘটনাস্থলীত কিছুসময়লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাছত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে ৷ উল্লেখযোগ্য যে, দুৰ্ঘটনাত নিহত হোৱা পালচাৰ খনৰ চালক আৰু আৰোহীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

8 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই ভয়াবহ পথ দুৰ্ঘটনা

আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ সামৰণি

Intro:Body:

GFX- নীৰৱ ঘাটকৰ ৰূপত মাৰাত্মক আৰ্ছেনিক 

GFX- অসমৰ ২৪খন জিলাত পোৱা গৈছে ভয়াৱহ আৰ্ছেনিকৰ উপস্থিতি 

GFX- ৰাজ্যৰ ৬,৮৮১ টা এলেকাৰ ভূ-গৰ্ভৰ পানীত আছে আৰ্ছেনিক 

VO- নীৰৱ ঘাটকৰ ৰূপত ভয়াৱহ আৰ্ছেনিক ৷ ভূ গৰ্ভৰ জলত থকা মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্লৰাইডৰ ফলত মানৱ দেহত দেখা দিব পাৰে ভয়ানক ৰোগে ৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত ৰাজ্যৰ 

GFX-১৩ খন জিলাৰ ৮৩০ টা এলেকাত পোৱা গৈছে ফ্লৰাইড 

VO- আৰ্ছেনিকযুক্ত ভূগৰ্ভৰ জল সেৱন কৰাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুলোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ ৰাজ্য চৰকাৰে আৰ্ছেনিকৰ প্ৰভাৱ থকা অঞ্চলসমূহ চিনাক্ত কৰিছে যদিও এই পৰ্যন্ত মুক্ত হ'ব পৰা নাই আৰ্ছেনিকৰ ভয়াৱহতাৰ পৰা ৷ বিশেষকৈ 

GFX- বৰপেটা,বাক্সা,বঙাইগাঁও,কাছাৰ,দৰং,ধেমাজি, 

GFX- ধুবুৰী,গোৱালপাৰা,গোলাঘাট,হাইলাকান্দি,যোৰহাট, 

GFX- কামৰূপ,কৰিমগঞ্জ,লখিমপুৰ,মৰিগাঁও,নগাঁও, 

GFX- নলবাৰী,শিৱসাগৰ,শোণিতপুৰ,কোকৰাঝাৰ,মাজুলী

VO- আদিত ভূগৰ্ভত মাত্ৰাধিক আৰ্ছেনিকৰ উপস্থিতি প্ৰমাণিত হৈছে ৷ ইতিমধ্যে আৰ্ছেনিকৰ প্ৰভাৱত মাজুলী আৰু দৰঙৰ পাতিদৰঙত ভয়ংকৰ ৰূপ লৈছে ৷ আৰ্ছেনিকযুক্ত পানী পৰিশোধন নকৰাকৈ সেৱন কৰাৰ বাবে বহু লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ চৰকাৰে 

GFX-  ২২৭ টা আৰ্ছেনিকমুক্ত আৰু ৪০ টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি 

VO- ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে যদিও এতিয়াও আৰ্ছেনিকৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা নাই ৰাজ্যৰ জনসাধাৰণক ৷ চৰকাৰে আৰ্ছেনিকৰ সমস্যাক গুৰুত্ব দিয়াৰ সলনি কেৱল উৎসম পাতি থাকোতেই দিন পাৰ হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ সময় নাই এইবোৰ বিষয়ত ৷ মন্ত্ৰীত্বৰ দায়িত্ব লৈ নিধিৰাম চৰ্দাৰ হৈ বহি থকাৰ ফল ভুগিব লগা হৈছে সাধাৰণ ৰাইজে ৷  আৰ্ছেনিকমুক্ত পানী উপলব্ধ কৰোৱাৰ বাবে ১২২টা আঁচনিত অনুমোদন জনাইছিল যদিও সেয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৷ বিপৰীতে দিনে দিনে আৰ্ছেনিক আৰি ফ্লৰাইডযুক্ত পানী সেৱন কৰি  মাৰাত্মকৰ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব লগিছে ৷ ধংস হৈছে একো একোখন ঘৰ, পৰিয়াল তথা বৃহত্তৰ অঞ্চল ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.