ETV Bharat / state

সমাগত মহালয়া আৰু বিশ্বকৰ্মা পূজাৰ বাবে কৰিমগঞ্জ প্ৰশাসনৰ বিশেষ সতৰ্কতা - অনুষ্টুপীয়া

বিশ্বকৰ্মা পূজা মহালয়াৰ বাবে কৰিমগঞ্জ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ কোনো লোকে যাতে মহালয়াৰ নামত ক'ভিড-19 ৰ নীতি-নিয়ম ভংগ কৰিব নোৱাৰে তাৰবাবে সতৰ্ক জিলা প্ৰশাসন ৷

Karimganj Administration New  Covid Guideline For Upcoming Puja
সমাগত মহালয়া আৰু বিশ্বকৰ্মা পূজাৰ বাবে কৰিমগঞ্জ প্ৰশাসনৰ বিশেষ সতৰ্কতা
author img

By

Published : Sep 16, 2020, 4:45 PM IST

কৰিমগঞ্জ, 16 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ ত্ৰাসৰ বাবে সমাগত বিশ্বকৰ্মা পূজা আৰু দূৰ্গা পূজাৰ বাবে ইতিমধ্যে প্ৰশাসন তৎপৰ হৈ পৰিছে ৷ কোনো লোকে যাতে পূজাৰ নামত ক'ভিড-19 ৰ নীতি-নিয়ম ভংগ কৰিব নোৱাৰে তাৰবাবে জিলা প্ৰশাসনৰ ফালৰ পৰাও বিশেষ ব্যবস্থা গ্ৰহণ কৰা হৈছে ৷

কৰিমগঞ্জ জিলা প্ৰশাসনেও মহালয়া আৰু বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ পূজাৰ সময়ত কোনো লোকে জনসমাগম কৰিব নোৱাৰিব ৷ অঞ্জলি আৰু প্ৰসাদ বিতৰণতো আৰোপ কৰা হৈছে বাধা নিষেধ ।

জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি,15 জনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব মহালয়াৰ সময়চোৱাত ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ পালন কৰা হ'ব মহালয়া ৷ মহালয়াৰ ক্ষেত্ৰত যাতে অধিক লোকৰ সমাগম নহয় তাৰ বাবে কেতবোৰ কঠোৰতা গ্ৰহণ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক : স্নাতক পর্যায়ৰ পৰীক্ষাক লৈ অসম বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত সলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.