ETV Bharat / state

TET উৰ্ত্তীৰ্ণ হ'লেই চাকৰি নিশ্চিত নহয় : ৰণোজ পেগু - TET

টেট(TET) পৰীক্ষা উত্তীৰ্ণ হ'লেই চাকৰি দিয়া হ'ব বুলি কোনো নিশ্চয়তা নাই ৷ টেট(TET) শিক্ষকক স্থায়ীকৰণ কৰা হ'ব বুলি তাৰো নিশ্চয়তা নাই ৷ টেট(TET) সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷

Jobs will not be given only if TET is passed: Dr. Ranoj Pegu
টেট উৰ্ত্তীৰ্ণ হ'লেই চাকৰি দিয়া নহ'ব:শিক্ষা মন্ত্ৰী
author img

By

Published : Jun 11, 2021, 8:33 PM IST

কৰিমগঞ্জ, 11 জুন : টেট(TET) সন্দৰ্ভত ডাঃ ৰণোজ পেগুৱে আগবঢ়োৱা এক মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ টেট উৰ্ত্তীৰ্ণ শিক্ষক(TET Pass teacher) সকলৰ চাকৰি সন্দৰ্ভত মন্ত্ৰী গৰাকীয় কয় যে, টেট পৰীক্ষা উত্তীৰ্ণ হ'লেই চাকৰি দিয়া হ'ব বুলি কোনো নিশ্চয়তা নাই ৷ টেট শিক্ষকক স্থায়ীকৰণ কৰা হ'ব বুলি তাৰো নিশ্চয়তা নাই ৷ খালি পদ পূৰণৰ বাবে মিছন একলাখ চাকৰি দিবলৈ ইতিমধ্যে চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে ৷

ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে বৰাকত উপস্থিত হয় ৷ ইতিমধ্যে কাছাৰ আৰু হাইলাকান্দি জিলাৰ কাৰ্যসূচী সামৰি শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু । বিভিন্ন শিক্ষানুষ্ঠানৰ পৰিস্থিতিৰ বুজ লৈ কৰিমগঞ্জ পলিটেকনিকেল কলেজত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ নতুনকৈ স্থাপিত হোৱা কলেজখনৰ কেইবাটাও অসুবিধাৰ বুজ লোৱাৰ পিছতে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

টেট উৰ্ত্তীৰ্ণ হ'লেই চাকৰি দিয়া নহ'ব:শিক্ষা মন্ত্ৰী

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে জুলাই মাহৰ পোন্ধৰ তাৰিখৰ পাছত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শনিবাৰে বা দেওবাৰে পৰীক্ষাৰ ৰূপৰেখা ঘোষণা কৰা হ'ব বুলিও আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ৷ শিক্ষামন্ত্ৰী গৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ পিচতেই এতিয়া টেট উত্তীৰ্ণ শিক্ষক সকলৰ মাজ সৃষ্টি হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক-সৎ পথলৈ আহক অন্যথা স্বেচ্ছাই অৱসৰ লওক : ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.