ETV Bharat / state

ভাৰতৰ সীমান্তৰ সিপাৰে থকা এখন ভাৰতীয় গাঁও...

লক ডাউনৰ ফলত সম্প্ৰতি সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে, ভাৰত-বাংলা সীমান্তৰ বাসিন্দাসকল । প্ৰয়োজনীয় সামগ্ৰীৰ বাবেও তেওঁলোকে এতিয়া হাবাথুৰি খাবলগীয়া অৱস্থা আহি পৰিছে ।

indians living at outside of border fencing facing distress

author img

By

Published : Apr 13, 2020, 8:36 PM IST

Updated : Apr 13, 2020, 8:55 PM IST

কৰিমগঞ্জ, 13 এপ্ৰিলঃ ভাৰত-বাংলা সীমান্ত বিভাজনৰ সময়তে সীমান্তৰ সিপাৰে ৰৈ যোৱা, এখন ভাৰতীয় গাঁও । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত এই গাওঁখনৰ নাম হ'ল লাফাশ্বাইল গাঁও । প্ৰতিদিনে এই গাঁওখনৰ বাসিন্দাই প্ৰয়োজনীয় সামগ্ৰীৰ বাবে পাৰ হৈ আহে সীমান্তৰ প্ৰৱেশদ্বাৰ । কিন্তু এতিয়া গুৰুতৰভাৱে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওখনৰ বাসিন্দাই । কিয়নো কৰ'ণা মহামাৰীৰ বাবে চৰকাৰী নিৰ্দেশ অনুযায়ী ছীল কৰি দিয়া হৈছে ভাৰত-বাংলা সীমান্ত । কেৱল এইখন গাঁৱেই নহয় । কাটা তাঁৰৰ সীপাৰে আছে প্ৰায় 6 খন ভাৰতীয় গাঁও । য'ত প্ৰায় এহেজাৰ পৰিয়ালে বসবাস কৰে । গাঁওখনৰ সকলো মানুহেই ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ নাম সন্নিবিষ্ট হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ।

ভাৰতৰ সীমান্তৰ সিপাৰে থকা এখন ভাৰতীয় গাঁও...

ভাৰত-বাংলাদেশৰ মাজৰ স্থলসীমাৰ দীৰ্ঘদিনীয়া বিবাদৰ স্থায়ী মিমাংসাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে বাংলাদেশ ভ্ৰমণলৈ গৈছিল যদিও, আজিলৈ এই গাঁওখন থাকি গ'ল ভাৰতৰ সীমাৰ বাহিৰতেই । কিয়নো গাঁওখন ভাৰতৰ যদিও, গাঁওখনৰ ৰৈ গ'ল সীমান্তৰ সীপাৰে । যাৰ বাবে এতিয়া সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে গাঁওবাসী । সেয়ে লক ডাউনৰ সময়ছোৱাত প্ৰয়োজনীয় সামগ্ৰীৰ বাবেও তেওঁলোকে এতিয়া হাবাথুৰি খাবলগীয়া অৱস্থা আহি পৰিছে ।

শেহতীয়াকৈ এই সীমান্ত পুনৰ নিৰ্ধাৰণৰ পদক্ষেপ লোৱা হৈছিল যদিও বাংলাদেশ চৰকাৰৰ আপত্তিৰ বাবে এই সিদ্ধান্ত বৰ্তমান স্থগিত ৰখা হৈছে ।

লগতে পঢ়কঃ 9000 COVID-19 ৰ পজিটিভ কেচ ভাৰতত

Last Updated : Apr 13, 2020, 8:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.