ETV Bharat / state

প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ - গৃহ

কৰিমগঞ্জত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতি ৷ জিলাখনৰ পাথাৰকান্দিৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ পৰিৱৰ্তে বহু বিত্তবান লোকে লাভ কৰিছে গৃহ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

PMAY SCAM, KARIMGANJ-In Karimganj, the real beneficiary did not get a house
কৰিমগঞ্জত প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই গৃহ
author img

By

Published : Oct 3, 2020, 7:46 AM IST

কৰিমগঞ্জ,2অক্টোবৰ: কৰিমগঞ্জত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে বহু বিত্তবান লোকে লাভ কৰিছে ঘৰ । জিলাখনৰ একাংশ প্ৰভাৱশালী লোকৰ দ্বাৰা এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক প্ৰদান কৰি অহা হৈছে আৱাস যোজনাৰ গৃহ ৷ সেই অনুসৰি কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বান্দৰকোনাৰ দৰিদ্ৰ লোকসকলৰ মাজতো প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ৷ কিন্তু অঞ্চলটোত প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে বহু বিত্তবান লোকে লাভ কৰে আঁচনিৰ অধীনত আৱন্টিত হোৱা গৃহ ৷ অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালে গৃহ লাভ কৰাৰ বিপৰীতে বৰ্তমানেও ভঙা জুপুৰীত বাস কৰি আছে ৷ এই দৰিদ্ৰ পৰিয়ালসমূহৰ নাম কৰ্তন কৰি একাংশ প্ৰভাৱশালী লোকে বিত্তবান লোকৰ পৰা ধন লৈ এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

কৰিমগঞ্জত প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই গৃহ

অঞ্চলটোত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্নীতিৰ কথা খোদ কৰিমগঞ্জ জিলা পৰিষদৰ চেয়াৰমেন আশীষ নাথে প্ৰকাশ কৰে সাংবাদিকৰ আগত ৷ আশীষ নাথে কয় যে,উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ছান্দখানি গাঁৱত 100ত কৈ অধিক দৰিদ্ৰ পৰিয়াল আছে ৷ কিন্তু ইয়াৰ পাচতো বহু বিত্তবান লোকে লাভ কৰিছে গৃহ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীকে ধৰি পঞ্চায়ত মন্ত্ৰীকো অৱগত কৰা হৈছে ৷ কিন্তু বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

অন্য এক খবৰৰ বাবে: পৰিত্য়ক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.