ETV Bharat / state

কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ অবৈধ চেগুনৰ কুন্দা - মূল্যবান গছ

কৰিমগঞ্জত অবৈধ চেগুনৰ কুন্দা জব্দ ৷ গোপন খবৰৰ ভিত্তিত বন বিভাগৰ লোকে জব্দ কৰে কুন্দাখিনি ৷ দুগৰাকী লোকক আটক বন বিভাগৰ ৷

illegal-timber-seized-in-karimganj
কৰিমগঞ্জত বন বিভাগৰ অভিযানত অবৈধ চেগুনৰ কুন্দা জব্দ
author img

By

Published : Jan 1, 2021, 9:13 PM IST

কৰিমগঞ্জ, 1 জানুৱাৰী : কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে অবৈধ চেগুনৰ কুন্দা । ত্ৰিপুৰাৰ পঞ্জীয়ন থকা এখন বলেৰো পিক আপ বাহন সহ জব্দ কৰা হৈছে প্ৰায় 1 লাখ টকা মূল্যৰ অবৈধ চেগুনৰ কুন্দাখিনি ।

TR-05 B-1713 নম্বৰৰ বলেৰো পিক আপ বাহনৰে সৰবৰাহ কৰাৰ সময়তে বন বিভাগৰ লোকে পাথাৰকান্দি বাইপাছ এলেকাৰ পৰা জব্দ কৰে অবৈধ চেগুনৰ কুন্দা ভৰ্তি বলেৰ' বাহনখন । লগতে, বাহনখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিবল সক্ষম হৈছে বন বিভাগে ।

বন বিষয়াৰ মন্তব্য়

আটক হোৱা লোক দুজনৰ নাম ক্ৰমে, ছাইফুল আৰু জুবেল আহমেদ বুলি জানিব পৰা গৈছে । আটকাধীন দুয়োজন লোকৰ ঘৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰাই এটা চক্ৰই অবৈধভাৱে মূল্যবান গছ কাটি সৰবৰাহ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছিল ৷ যাৰ বাবে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা বন বিভাগে অভিযান চলাই অবৈধ কাঠ ভৰ্তি বলেৰ' বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰত দপ্তৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.