কৰিমগঞ্জ,17 জুন : ৰাজ্যত ড্ৰাগছকে ধৰি অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰা আদি জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰীক ৷
শেহতীয়াভাৱে কৰিমগঞ্জ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বুধবাৰে নিশা কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই অভিযান ৷ অভিযানত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এজন লোকক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ব্ৰাহ্মণশাসন অঞ্চলৰ মুজিবুৰ ৰহমান নামৰ এজন লোকৰ বাসগৃহত চলাইছিল অভিযান ৷ এই অভিযানত আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ যাৰ পাছতে আৰক্ষীয়ে আটক কৰে মুজিবুৰ ৰহমানক ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন লোকজনক সোধ-পোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: অনিশ্চয়তাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা !