কৰিমগঞ্জ, 26 ছেপ্তেম্বৰঃ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তীৰ কাঞ্চনপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে এখন সুৰা ভৰ্তি বলেৰো পিকআপ ডিআই ৷ কাঞ্চনপুৰ মহকুমা আৰক্ষী বিষয়া বিক্ৰম শুক্লা দাস আৰু ভাৰপ্ৰাপ্ত বিষয়া পৰিতোষ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত জব্দ কৰিবলৈ সক্ষম হয় সুৰা ভৰ্তি বলেৰো বাহনখন ৷ সুৰা ভৰ্তি বাহনখন নম্বৰ TR-07 1897 বুলি জানিব পৰা গৈছে ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা সুৰা খিনিৰ কোনো বৈধ নথিপত্ৰ নাই ৷ ৰাজহ ফাঁকিৰে নথিপত্ৰবিহীনভাবে সুৰা খিনি কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে আৰক্ষীয়ে অভিযানত আটক কৰা সুৰ সৰবৰাহকাৰী কেইজন হৈছে পিনাক নাথ, ৰূপক নাথ, অশ্ব্যিত নাথ আৰু অভিজিত নাথ ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন আটাইৰে ঘৰ কাঞ্চনপুৰৰ শুকনাচৰাত ৷
লগতে পঢ়কঃ শিলচৰত 40খন বিচনাযুক্ত ICU মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই