কৰিমগঞ্জ,19 এপ্ৰিল: কৰিমগঞ্জত সোমবাৰে আৰক্ষীয়ে জব্দ কৰে প্ৰায় 14 লাখ টকা মূল্যৰ অবৈধ সুৰা ৷ চুড়াইবাৰী আৰক্ষীৰ নিয়মীয়া তালাচীত মেঘালয়ৰ পৰা অসম হৈ ত্ৰিপুৰাত প্ৰৱেশৰ প্ৰাক মুহুৰ্তত TR 02 H 1654 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় সুৰাখিনি ৷ কণী ভৰ্তি এই ট্ৰাকখনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় 450 টা সুৰা ভৰ্তি কাৰ্টন ৷ তদুপৰি বাহনখনৰ পৰা উদ্ধাৰ হয় প্লাষ্টিকৰ টেবুল-চকী ৷
আনহাতে, আৰক্ষীয়ে ট্ৰাকখনৰ পৰা সুৰাখিনি জব্দ কৰাৰ লগতে দুই চালককো আটক কৰিছে ৷ আটকাধীন চালক দুজন ক্ৰমে ৰুদ্ৰপাল আৰু বুলেট দেৱবৰ্মা বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আৰক্ষীয়ে চালক দুজনক সোধ-পোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি