ETV Bharat / state

নিলামবজাৰত বুজন পৰিমানৰ বাৰ্মিজ চিগাৰেট জব্দ - barmiz cigarette seized

আৰক্ষীৰ ব্যাপক অভিযানৰ পাছতো ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ বৃহস্পতিবাৰে নিশা নিলামবজাৰ আৰক্ষী আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় বুজন পৰিমানৰ বাৰ্মিজ চিগাৰেট ৷

huge-amount-of-barmiz-cigarette-seized-at-nilambazar
নিলামবজাৰত বুজন পৰিমানৰ বাৰ্মিজ চিগাৰেট জব্দ
author img

By

Published : Jul 17, 2021, 8:41 AM IST

কৰিমগঞ্জ, 17 জুলাই : ক'ভিড আতংকৰ মাজতে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ অভিযানত প্ৰায় আটাইকেইখন জিলাতে জব্দ হৈছিল বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত নিলামবজাৰ আৰক্ষী (Nilambazar Police) আৰু কৰিমগঞ্জ আৰক্ষীয়ে (Karimganj Police) জব্দ কৰিছে ম্যানমাৰৰ পৰা অহা বুজন পৰিমানৰ চিগাৰেট ৷ কৰিমগঞ্জৰ নতুন আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত চলা অভিযানত জিলাখনৰ নিলামবজাৰ এলেকাৰ পৰা জব্দ কৰা হয় অবৈধ উপায়ে ম্যানম্যাৰৰ পৰা অহা বুজন পৰিমাণৰ চিগাৰেট খিনি ৷

নিলামবজাৰত বুজন পৰিমানৰ বাৰ্মিজ চিগাৰেট জব্দ

উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিলামবজাৰ আৰক্ষী আৰু কৰিমগঞ্জ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কায়স্থগ্ৰাম অঞ্চলত বিশেষ অভিযান চলাইছিল ৷ উক্ত অভিযানত পাথাৰকান্দি সমষ্টিৰ পৰা অহা MZ 01 P 0978 নম্বৰৰ এখন বলেৰো পিকআপ বাহন কায়স্থগ্ৰাম এলেকাত অহাৰ পিছত আৰক্ষীৰ সন্দেহ হয় । গাড়ীখনত মূলতঃ ফলমূল আছিল যদিও আৰক্ষীয়ে নিলামবজাৰ থানালৈ বাহন খন লৈ অনাৰ পিছত বিতংভাৱে পৰীক্ষা নিৰীক্ষাৰ কৰাৰ অন্তত ফলমূলৰ তলত কঢিয়াই অনা সৰ্বমূঠ চল্লিশ কাৰ্টুন বাৰ্মিজ চিগাৰেট উদ্ধাৰ হয় ৷

লগে লগে এই ঘটনাত জড়িত থকা বাহনৰ চালকক আৰক্ষীয়ে আটক কৰে ৷ আটক হোৱা চালকজনৰ নাম আলতাফ হুছেইন বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

আলতাফৰ ঘৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত কটামনি এলেকাত ৷ মূলত মিজোৰামৰ পৰা অনা বাৰ্মিজ চিগাৰেটখিনি কেনেকৈ বাজাৰিছৰা আৰু পাথাৰকান্দি আৰক্ষী থানা এলেকা পাৰ হৈ আহিল সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ বিচনাৰ তলতে উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল সহ চোকা অস্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.