ETV Bharat / state

কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা

author img

By

Published : Dec 8, 2020, 8:32 PM IST

পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা কৰিমগঞ্জত ৷ যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই বোৱাৰীক ৷ গাত মমবাতি জ্বলাই নিৰ্যাতন চলোৱাত চ্যুইচাইড নোট লিখি আত্মহত্যাৰ চেষ্টা কৰিমগঞ্জ চহৰৰ এগৰাকী বোৱাৰীৰ ৷

HOUSEWIFE TORCHERD AT  KARIMGANJ
কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা

কৰিমগঞ্জ, 8 ডিচেম্বৰ : কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ স্বামীৰ পৰিয়ালৰ নির্যাতনৰ পৰা ৰক্ষা পাবলৈ চ্যুইচাইড নোট লিখি আত্মহত্যাৰ চেষ্টা কৰিমগঞ্জ চহৰৰ এগৰাকী বোৱাৰীৰ ৷ ঘটনা মতে, 2019 চনত কৰিমগঞ্জ চহৰৰ সুভাষ নগৰৰ বাসিন্দা অৰ্ণৱ পাল চৌধুৰীৰ সৈতে সম্পূর্ণ সামাজিক ৰীতি নীতিৰে বোৱাৰী গৰাকীয়ে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ বিয়াৰ কিছুদিন পাছৰে পৰা যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই বোৱাৰী গৰাকীক ৷ বিভিন্ন সময়ত মমবাতি জ্বলাই বোৱাৰী গৰাকীৰ গাত ঢালি দিয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে ৷ এনে অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি আগষ্ট মাহত বোৱাৰী গৰাকীয়ে পিতৃ গৃহলৈ উভতি যায় ৷

HOUSEWIFE TORCHERD AT  KARIMGANJ
কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা

বোৱাৰী গৰাকীৰ পিতৃ-মাতৃয়ে অৰ্ণৱ পাল চৌধুৰীৰ পৰিয়ালৰ লগত বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ চেষ্টা কৰে যদিও তেওঁলোকক অপদস্ত কৰে ৷ তাৰ পাছতে উপায়ন্তৰ হৈ বোৱাৰী গৰাকীয়ে শ্লিপিং টেবলেট গ্ৰহণ কৰি চ্যুইচাইড নোটত স্বামী গৃহৰ সকলো কথা লিখি আত্মহত্যাৰ চেষ্টা চলায় ৷ সংকটজনক অৱস্থাত বোৱাৰী গৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰি ততালিকে চিকিৎসালয়লৈ লৈ যায় ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে বোৱাৰী গৰাকীৰ মাতৃয়ে কৰিমগঞ্জ সদৰ থানাত এটা গোচৰ ৰুজু কৰে ৷

কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা

মাতৃৰ গোচৰৰ ভিত্তিত ইতিমধ্যে মহিলাগৰাকীৰ স্বামী অৰ্ণৱ পাল চৌধুৰীক আৰক্ষীয়ে আটক কৰে ৷ স্বামীসহ স্বামীৰ পৰিয়ালৰ সদস্য সকলক উচিত শাস্তিৰ দাবী জনাইছে বোৱাৰী গৰাকীৰ পৰিয়ালে ৷ ভৱিষ্যতে যাতে অনুৰূপ ঘটনা সংঘটিত নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো অনুৰোধ জনাইছে সকলোৱে ৷

লগতে পঢ়ক: অবৈধ কাৰ্যত লিপ্ত পুৰুষ-মহিলাক থানাত গটালে স্থানীয় ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.