ETV Bharat / state

ছাত্ৰ সকললৈ মামাৰ বিশেষ নিৰ্বাচনী টোপ - পাথাৰকান্দি

পাথাৰকান্দিত আজমলক তুলাধূনা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । মহাজোঁটক তীব্ৰ সমালোচনা মন্ত্ৰী ড৹ শৰ্মাৰ । দেওবাৰে দিনৰ ১১.৩০ বজাত পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ছাত্ৰসকললৈ মামাৰ বিশেষ নিৰ্বাচনী টোপ
ছাত্ৰসকললৈ মামাৰ বিশেষ নিৰ্বাচনী টোপ
author img

By

Published : Mar 28, 2021, 7:02 PM IST

Updated : Mar 28, 2021, 7:21 PM IST

কৰিমগঞ্জ, ২৮ মাৰ্চ : ইতিমধ্যে ৰাজ্যৰ একাংশ অঞ্চলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হ'ল । তাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে দ্বিতীয় আৰু তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ বাবে । ১ এপ্ৰিলত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক দলৰ প্ৰচাৰ । দেওবাৰে দিনৰ ১১.৩০ বজাত পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লাখ লাখ জনতাৰে ভৰি পৰিছে পাথাৰকান্দিৰ পথাৰ ।

ছাত্ৰসকললৈ মামাৰ বিশেষ নিৰ্বাচনী টোপ

নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি কয় মহাজোঁটক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় পূৰ্বে এআইইউডিএফ কংগ্ৰেছৰ মাজত গোপন প্ৰেম আছিল এতিয়া দীৰ্ঘ প্ৰেমৰ অন্তত তেওঁলোকৰ বিয়া হৈছে । বক্তব্যৰ মাজত হঠাৎ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ কয় যে বদৰুদ্দিন আজমলে মহিলাসকলক সন্তান জন্ম দিয়া যন্ত্ৰ বুলি কয় । কিন্তু এগৰাকী মাতৃয়ে দহ মাহ দহ দিন যেতিয়া সন্তানক গৰ্ভত ধাৰণ কৰে তেতিয়া সেই মাতৃগৰাকীয়েহে বুজে কিমান বেদনা অনুভৱ কৰে । গতিকে আমি মহিলাসকলক মাতৃ ৰূপে পূজা কৰোঁ মহিলা সকলক দুৰ্গা, সৰস্বতী , লক্ষীৰ দৰে ভাবোঁ কিন্তু বদৰুদ্দিনৰ দলে মহিলাসকলক সন্তান জন্ম দিয়া যন্ত্ৰ বুলি ভাবে ।

ইয়াৰোপৰি, পূৰ্বে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলক স্কুটি দিয়া হৈছে এইবাৰ ডিগ্ৰী আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলকো স্কুটি দিয়া হ'ব বুলি কয় । তদুপৰি, ছাত্ৰসকলকো এইবাৰ মটৰ চাইকেল দিব বুলি উক্ত সভাত ঘোষণা কৰে । লক্ষ্যণীয় বিষয়টো এয়ে যে মটৰ চাইকেলৰ ৰং বিজেপি দলৰ ৰঙৰ দৰে হ'ব বুলি ঘোষণা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

তেওঁ কয় অসম প্ৰগতিৰ দিশে আগবাঢ়িছে । যোৱা পাঁচটা বছৰ পাথাৰকান্দিত বহু উন্নয়নমূলক কাম হৈছে । গতিকে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপি প্ৰাৰ্থীক জিকাবলৈ আহ্বান মন্ত্ৰী হিমন্তৰ । এইবাৰ বিজেপি জিকিলে পাথাৰকান্দিত আটাইকেইটা ৰাস্তা নিৰ্মাণ হ'ব । এইবাৰ বিজেপি জিকিলে পাথাৰকান্দিত আটাইকেইটা ৰাস্তা নিৰ্মাণ হব । কৃষ্ণেন্দু পালৰ সমৰ্থকে কৃষ্ণেন্দু পালৰ মন্ত্ৰীত্বৰ দাবী জনালে আগতে জিকিব দিয়ক তাৰ পিছত চিন্তা কৰা যাব । পাথাৰকান্দিৰ নিৰ্বাচনী প্ৰচাৰ সামৰি শিলচৰৰ লক্ষীপুৰ সমষ্টিলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক: উজনিৰ তিনিটা সমষ্টিৰ দুজন প্ৰাৰ্থীক লৈ চৰ্চা

Last Updated : Mar 28, 2021, 7:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.