ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত ঈদৰ শুভেচ্ছা বিনিময়

author img

By

Published : May 14, 2021, 3:11 PM IST

কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত থকা দুই দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মিঠাই আৰু ফল উপহাৰ হিচাপে বিনিময় কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত ঈদৰ শুভেচ্ছা বিনিময়
ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত ঈদৰ শুভেচ্ছা বিনিময়

কৰিমগঞ্জ, 14 মে’ : আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ ৷ কিন্তু মহামাৰী কৰ’ণাৰ বাবে এইবেলি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত পূৰ্বৰ দৰে নাই উৎসাহ উদ্দীপনা ৷ ক’ভিডৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰ ঈদৰ নামাজ সমূহীয়াকৈ নপঢ়ি পৰিয়ালৰ মাজতে সীমিত ৰাখিছে ৷ ৰমজানৰ এমাহ ৰোজা ৰখাৰ পাছতো প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মানি ঘৰৰ সদস্যসকলে একেলগে মিলি পালন কৰিছে ঈদ ।

আনফালে, ভাৰত-বাংলাদেশ সীমান্তত থকা দুই দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়েও পালন কৰিছে পৱিত্ৰ ঈদ-উল্-ফিটৰ । কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত থকা দুই দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে বিনিময় কৰে ঈদৰ শুভেচ্ছা । উল্লেখ্য যে, শুকুৰবাৰে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি বন্দৰৰ জিৰো পয়েন্টৰ 1360 নং পিলাৰৰ কাষত বিএছএফৰ মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ তৰফৰ পৰা বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছৰ ছিলেট আৰু শ্ৰীমঙ্গল চেক্টৰৰ কমাণ্ডৰৰ উপস্থিতিত মিঠাই আৰু ফল উপহাৰ হিাচপে বিনিময় কৰা হয় ।

লগতে পঢ়ক : নিজ বাসগৃহতে ঈদৰ নামাজ আদায় কৰিলে বিধায়ক ড৹ ৰফিকুল ইছলামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.