ETV Bharat / state

Ganja seized in Karimganj : কৰিমগঞ্জত গাঞ্জাসহ চাৰি মহিলাক আটক

author img

By

Published : Mar 5, 2022, 6:40 PM IST

শুকুৰবাৰে নিশা কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তত চূড়াইবাৰীত আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমানৰ গাঞ্জা সহ (Ganja seized in Karimganj) চাৰি গৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় (Ganja Smuggler arrested by Police ) ৷

ganja-smuggler-arrested-by-police
কৰিমগঞ্জত গাঞ্জাসহ চাৰি মহিলাক আটক

কৰিমগঞ্জ, 5 মাৰ্চ : বৰ্তমানৰ যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীকে ধৰি প্ৰশাসনে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে যিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সিমানেই দুষ্ট চক্ৰই নানান চতুৰালি অৱলম্বন কৰি এইসমূহ নিচাজাতীয় সামগ্ৰীৰ সৰৱৰাহ অব্যাহত ৰাখিছে ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰাক ভেলিতো আৰক্ষীয়ে পূৰ্বতকৈ অধিক সক্ৰিয়তাৰে বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ কৰিমগঞ্জ আৰক্ষীয়ে অসম ত্ৰিপুৰা সীমান্তকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে এই ক’লা সাম্ৰাজ্যৰ লগত জড়িত বহুজনক আটক কৰিবলৈ সক্ষম হৈছে ৷

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তত চূড়াইবাৰীত আৰক্ষীয়ে চলাই এক তালাচী অভিযান । ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছৰ পৰা আৰক্ষীয়ে বুজন পৰিমানৰ গাঞ্জা সহিতে (Ganja seized in Karimganj) চাৰি গৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় (Ganja Smuggler arrested by Police ) ৷ AS01HC 9034 নম্বৰৰ বাহনখনত উদ্ধাৰ হোৱা প্ৰায় 32 কিল’গ্ৰাম পৰিমানৰ এই গাঞ্জাখিনি বিহাৰলৈ প্ৰেৰণৰ বাবে সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, আনুমানিক প্ৰায় চাৰে তিনি লাখ টকা মূল্যৰ এই গাঞ্জাখিনি সৰবৰাহৰ লগত জড়িত তিনিওগৰাকী মহিলাৰ নেতৃত্ব দিছিল বিহাৰৰ পায়েল সিং নামৰ এগৰাকী মহিলাই ৷ আটকাধীন আন তিনি গৰাকী মহিলা ক্ৰমে ত্ৰিপুৰাৰ নমিতা দেৱবৰ্মা ,ৰেজিনা দেৱবৰ্মা আৰু মঙ্গলক্ষী দেৱবৰ্মা । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটাকাধীন আটাইকে জেৰা অব্যাহত ৰখা বুলি জনালে আৰক্ষীয়ে ।

লগতে পঢ়ক : Al Qaeda in Assam: অসমত অল কায়দা, বৰপেটাত ৫ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.