ETV Bharat / state

পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

author img

By

Published : Nov 7, 2020, 8:18 AM IST

এইয়া একাংশ দায়িত্বশীল মন্ত্ৰীৰ নিকৃষ্ট কাম বুলি উল্লেখ কৰি এই ঘটনাক একাংশ নেতাই সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

former-minister-siddiki-ahmeds-reaction-on-the-pakistan-zindabad-slogan
পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

কৰিমগঞ্জ,7 নৱেম্বৰ: পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ শুকুৰবাৰে শিলচৰ বিমানবন্দৰত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক আদৰিবলৈ গৈ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ য'ত শুনিবলৈ পোৱা গৈছে পাকিস্তান জিন্দাবাদ ধ্বনি ৷ এইয়া এ আই ইউ ডিএফ কৰ্মীৰ কাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে শাসকীয় বিজেপি দলে ৷ আনহাতে এইয়া বিজেপিৰ যড়যন্ত্ৰ বুলি উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডিএফৰ বহু কেইজন নেতাই ৷ ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে,বিজেপিৰ কিছু দায়িত্বশীল মন্ত্ৰীয়ে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছে ৷ এনে কাণ্ডক নিকৃষ্টতম ৰাজনীতি বুলি উল্লেখ কৰি নিৰ্বাচন আহিলেই বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ মন্ত্ৰী যোগেন মহনৰ বাসগৃহত বিজেপিত যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.