ETV Bharat / state

Drugs dealer property seized : ৰাজ্যত প্ৰথমবাৰৰ বাবে ড্ৰাগছ মাফিয়াৰ 10 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত - বাজেয়াপ্ত কৰা হ’ল ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পত্তি

ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে বাজেয়াপ্ত কৰা হ’ল ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পত্তি ৷ কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ সৰবৰাহকাৰীৰ কোটিটকীয়া সম্পত্তি ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে এমাদ উদ্দিন নামৰ ড্ৰাগছ মাফিয়াটো (Drugs paddler property seized) ৷

Drugs peddlers property seized
ড্ৰাগছ মাফিয়া এমাদ উদ্দিন
author img

By

Published : Apr 28, 2023, 11:34 AM IST

বাজেয়াপ্ত কৰা হ’ল ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পত্তি

কৰিমগঞ্জ, 28 এপ্ৰিল : অসমত পোন প্ৰথমবাৰৰ বাবে বাজেয়াপ্ত কৰা হ'ল ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পত্তি ৷ কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিলে এমাদ উদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৰ বৃহৎ পৰিমাণৰ সম্পত্তি ৷ জব্দকৃত সম্পত্তিৰ পৰিমাণ 10 কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জব্দকৃত সম্পত্তিৰ ভিতৰত আছে মাটি, বিশাল অট্টালিকা, খোৱা পানীৰ ফেক্টৰীসহ ভালেমান মূল্যৱান সামগ্ৰী (Drugs paddler property seized) ৷

উল্লেখ্য যে, যোৱা 10 অক্টোবৰ 2022 তাৰিখে কৰিমগঞ্জ আৰক্ষী আৰু সীমান্তৰক্ষী বাহিনীৰ যৌথ অভিযানত এমাদ উদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ কৰিছিল প্ৰায় 40 কোটি টকা মূল্যৰ হেৰ’ইন ৷ অসম তথা উত্তৰ-পূব ভাৰতৰ ইতিহাসত এয়া আছিল ড্ৰাগছৰ বিৰুদ্ধে চলোৱা সৰ্ববৃহৎ সফল অভিযান ৷ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা হেৰ’ইনখিনিৰ পৰিমাণ আছিল 9 কেজিৰো অধিক ৷ কৰিমগঞ্জ চহৰৰ নীলগৰ বাইপাচত মিজোৰামৰ পৰা অহা AS11BC-7975 নম্বৰৰ এখন চিমেন্ট ভৰ্তি ট্ৰাকৰ কেবিনৰ ভিতৰত পৰা আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি (Drugs seized in Karimganj) ৷

আৰক্ষীয়ে চলোৱা অভিযানত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি এমাদ উদ্দিনে সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছিল ৷ ড্ৰাগছখিনি জব্দ কৰাৰ এসপ্তাহ পিচতে কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল এমাদ উদ্দিনক | পৰৱৰ্তী পৰ্যায়ত এমাদ উদ্দিনক গ্ৰেপ্তাৰ কৰি বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছিল আৰু অৱশেষত বৃহস্পতিবাৰে কেন্দ্ৰীয় আবকাৰি বিভাগৰ নিৰ্দেশত এমাদ উদ্দিনৰ 10 কোটিৰো অধিক টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হয় ৷

উল্লেখ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান ৷ কৰিমগঞ্জ ,কাৰ্বি আংলং আদি সীমান্তৱৰ্তী স্থানসমূহ ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাবে ব্যৱহাৰ কৰি আহিছে সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ কঠোৰ স্থিতিৰ পাচতো কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Assam police against Drugs) ৷

লগতে পঢ়ক : Loksabha election 2024 : 2024 ৰ নিৰ্বাচনৰ বাবে বিৰোধীয়ে সাজু কৰিছে ওৱান টু ওৱান ফৰ্মুলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.