ETV Bharat / state

মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত জড়িত এজনক আটক

author img

By

Published : Sep 14, 2019, 8:45 PM IST

কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত ব্যৱহৃত বাহনখনৰ সৈতে এগৰাকী অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিশেষ সূত্ৰৰ পম খেদি কৰিমগঞ্জ আৰক্ষীয়ে হাইলাকান্দি জিলাৰ বুয়ালীপাৰৰ পৰা গাড়ীসহ অপহৰণকাৰী চুলেমান লস্কৰক গ্ৰেপ্তাৰ কৰে ৷

মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত জড়িত এজনক আটক

বদৰপুৰ,14 চেপ্তেম্বৰঃ কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত বিশেষ সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ শনিবাৰে কৰিমগঞ্জ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি চুলেমান লস্কৰ নামৰ অপহৰণকাৰীটোৰ সৈতে অপহৰণকাণ্ডত ব্যৱহৃত এখন এল্টো গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ হাইলাকান্দি জিলাৰ বুয়ালীপাৰৰ পৰা হাইলাকান্দি আৰক্ষীৰ সহযোগত বদৰপুৰ আৰক্ষীয়ে গাড়ীসহ অপহৰণকাৰীটোক আটক কৰি বদৰপুৰলৈ লৈ আনে ৷

মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত জড়িত এজনক আটক

উল্লেখ্য যে, বিশেষ কায়দাৰে কিছুদিন আগত অপহৰণ হৈছিল কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমান ৷ কিন্তু পৰৱৰ্তী সময়ত অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল প্ৰাক্তন অধ্যক্ষগৰাকী ৷ ইতিমধ্যে আৰক্ষীয়ে ধৃত অপহৰণকাৰীজনক তিনিদিনৰ ন্যায়িক জিম্মাত লৈছে বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়া জে কে বৰাই ৷

Intro:কৰিমগঞ্জৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমান অপহৰণ লগতে জৰিত এটা দুষ্কৃতি গ্ৰেপ্তাৰ আৰু তেওঁ লোকে ব্যৱহাৰ কৰা অল্টো গাড়ী জব্দ কৰিলে বদৰপুৰ আৰক্ষী ।Body:বদৰপুৰ :- কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমান অপহৰণ লগতে জৰিত এটা দুষ্কৃতি গ্ৰেপ্তাৰ আৰু অপহৰণত ব্যাবহাৰ কৰা অল্টো এখন জব্দ কৰিলে বদৰপুৰ আৰক্ষী । বৃহস্পতিবাৰ ৰাতি হাইলাকান্দীৰ পৰা অল্টো গাড়ী আৰু সুলেমান লস্কৰ নামৰ দুষ্কৃতিক পাকৰাও কৰিবলৈ সক্ষম হৈছে। মোবাইলৰ সুত্ৰ ধৰি হাইলাকান্দী বুয়ালীপাৰৰ পৰা পাকৰাও কৰি শুক্কুৰবাৰে কৰিমগঞ্জ আদালতত প্ৰেৰণ কৰিছে । আদালতত পৰা তিনি দিনৰ বাবে ৰিমাণ্ডে থানাত পঠিয়ালে । আজি ৱদৰপুৰ আৰক্ষী চকী ওসি জেকে বৰা সংবাদ মাধ্যম কলে এইবোৰ তথ্য । আৰু কলে সুলেমান ক প্ৰাথমিক তদন্তত বহুত খিনি তথ্য পাইছে অহা কেইদিনৰ ভিতৰত ঘটনাৰ লগত জৰিত আৰু চাৰি জনক পাকৰাও কৰিবলৈ সক্ষম হৱ তেওঁ । উল্লেখ্য যোয়া কৈইদিন আগতে অধ্যক্ষ মতিউৰ ৰহমানক ভাঙ্গা এলাকাৰ পৰা অপহৰণ কৰি পাথাৰকান্দী জঙ্ঘলত বান্ধি ৰাখিছিল কিন্তু বুদ্ধি বাবে তেওঁ অপহৰণকাৰিৰ কবলৰ পৰা পলুৱাই আহিবলৈ সক্ষম হৈছিল । তাৰ পাছৰ পৰা বদৰপুৰ আৰক্ষী তদন্ত শুৰু কৰিছিল আৰু ডাঙৰ সফলতা লাভ কৰিছে ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:বদৰপুৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.