ETV Bharat / state

বদৰপুৰত ৰে’ল বিভাগৰ ভূমিত চলিব উচ্ছেদ অভিযান

কৰিমগঞ্জৰ বদৰপুৰত এতিয়া ৰেল বিভাগে চলাব উচ্ছেদ অভিযান (Railway department to start eviction drive in Badarpur) ৷ ইতিমধ্যে প্ৰায় ৮০০ পৰিয়াল তথা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰেল বিভাগে প্ৰেৰণ কৰিছে জাননী ।

eviction-drive-to-be-carried-out-on-railway-department-land-in-badarpur
বদৰপুৰত ৰে’ল বিভাগৰ ভূমিত চলিব উচ্ছেদ অভিযান
author img

By

Published : Feb 13, 2022, 10:57 PM IST

কৰিমগঞ্জ, 13 ফেব্ৰুৱাৰী : ৰেল বিভাগৰ ভূমি বেদখলৰ বিৰুদ্ধে দেশ তথা ৰাজ্যজুৰি আৰম্ভ হৈছে উচ্ছেদ (Eviction in land of Railway department)। কৰিমগঞ্জতো উচ্ছেদৰ বাবে প্ৰস্তুত হৈছে ৰেল বিভাগ তথা প্ৰশাসন ৷ জিলাখন বদৰপুৰত এতিয়া ৰেল বিভাগে চলাব উচ্ছেদ অভিযান (Railway department to start eviction drive in Badarpur) ৷

বদৰপুৰত ৰে’ল বিভাগৰ ভূমিত চলিব উচ্ছেদ অভিযান

ইতিমধ্যে, প্ৰায় ৮০০ পৰিয়াল তথা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰেল বিভাগে প্ৰেৰণ কৰিছে জাননী । এই উচ্ছেদৰ প্ৰথম দিন হিচাপে ধাৰ্য কৰা হৈছে অহা ১৫ ফেব্ৰুৱাৰী । মাজত মাত্ৰ ২ দিন বাকী, ইতিমধ্যে হাহাকাৰ সৃষ্টি হৈছে বদৰপুৰ চহৰত। এক অসহায় অৱস্থাৰ সম্মুখীন হৈছে প্ৰতিটো পৰিয়াল ।

ৰেলৰ ভূমিত বসবাস কৰা মহিলা সকলৰ মতে নিৰ্বাচনৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এতিয়াৰ মুখ্যমন্ত্ৰী বদৰপুৰত উপস্থিত হৈ ৰেলৰ ভূমিত উচ্ছেদ নহ'ব বুলি প্ৰতিশ্ৰুতি দিছিলে। লগতে কৈছিলে ৰেল বিভাগক ইয়াৰ পৰিবৰ্তে ৰাজহ আদায় দিয়াৰ কথা । নেতাসকলৰ এই ভাষণৰ প্ৰতি সহাৰি জনাই সকলোৱে ভোট দি আহিছিল বিজেপিক ।
প্ৰতিটো নিৰ্বাচনত একপ্ৰকাৰ বিজেপিৰ ভোট বেংক আছিল এই লোক সকল । নিৰ্বাচনত জয়ী হোৱাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ চৰকাৰ থকাৰ সময়তে এতিয়া এনে এক পৰিস্থিতিৰ সন্মুখীন হৈ ক্ষুব্ধ হৈ পৰিছে মহিলা সকল ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটৰ গুনাণুকীৰ্তন গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.