কৰিমগঞ্জ, 26 ডিচেম্বৰ: কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই শনিবাৰে বদৰপুৰ আৰক্ষীৰ চকীৰ কাষতে থকা বৃহত্তৰ জনাঞ্চলত বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰত অগ্নিকাণ্ড সংঘটিত হয় বুলি অভিযোগ উত্থাপন হৈছে ৷ উল্লেখযোগ্য যে, স্থানীয় ৰাইজে ট্ৰেন্সফৰ্মাৰটোত জুই লগা দেখি আতংকিত হৈ ততালিকে আৰক্ষীক খবৰ দিয়ে ৷
ঘটনাস্থলীত অগ্নিনৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ আনহাতে ঘটনাটো বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷
লগতে পঢ়ক: হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী