ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই - election parade

"হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ক’ব মই বিজেপিত যোগদান কৰিম ? বিজেপিয়ে মোৰ বিৰুদ্ধে, আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে সদায় ষড়যন্ত্ৰ কৰি আহিছে ৷ " ; বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ ।

বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই

author img

By

Published : Dec 20, 2020, 1:02 PM IST

কৰিমগঞ্জ, 20 ডিচেম্বৰ: ২০২১ ৰ নিৰ্বাচনী প্ৰচাৰৰ কুচকাওয়াজ আৰম্ভ হৈছে কৰিমগঞ্জত। কৰিমগঞ্জত বিজেপি দলৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সন্মিলন অনুষ্ঠিত হোৱাৰ পূৰ্বে কৰিমগঞ্জ জিলা কংগ্রেছে এক বিশাল কৰ্মীসভাৰ মাধ্যমেৰে শক্তি প্ৰদৰ্শন কৰে ৷

শণিবাৰে সন্ধিয় উত্তৰ কৰিমগঞ্জ সমষ্টিৰ আকবৰপুৰ গাঁৱত এক বিশাল কৰ্মীসভাৰ আয়োজন কৰে জিলা কংগ্ৰেছে । এই সভাত জিলা কংগ্রেছ দলৰ নেতা কৰ্মী সকলে বিজেপি দলক পৰাস্ত কৰি পুনৰ অসমত কংগ্রেছ দলৰ চৰকাৰ গঠন কৰি বৰ্তমান উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক বিপুল ভোটত জয়ী কৰাৰ আহ্বান জনায় ।

বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই

ইয়াৰোপৰি সভাখনত প্ৰজেক্টৰৰ মাধ্যমেৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ কাম কাজৰ খতিয়ান তুলি ধৰা হয় । সভাত জিলা কংগ্ৰেছৰ সহ সভাপতি সহ আন আন পদাধিকাৰী সকলে বৰ্তমান বিজেপি চৰকাৰ খনক চোকা সমালোচনা কৰে । বিধায়ক কমলাক্ষ দে পুৰকায়স্থই অহা ২৩/২৪ ডিচেম্বৰত বিজেপি দলে চিন্ডিকেটৰ দ্বাৰা সংগ্ৰহৰ টকাৰে ডাঙৰকৈ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সন্মিলন পাতিছে বুলিও মন্তব্য কৰে । লগতে আমাৰ টকা নাই, আমাৰ দলৰ কৰ্মী সকলৰ মন আছে আৰু এইটো আজি তেওঁলোকক দেখুৱাই দিলো । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো দিনেই ভাল চিন্তা কৰি অহা নাই বুলি মন্তব্য প্ৰকাশ কৰে ৷

২০২১ চনৰ নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই একো একোটা সমষ্টিত দুই তিনিটাকৈ বিজেপিৰ বি টিম বনাই তাত নিৰ্দলীয় প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি চলাই ৰাইজৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰোৱাৰ চেষ্টা চলোৱা বুলিও কঠোৰ সমালোচনা কৰে ।

লগতে পঢ়ক :ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.