কৰিমগঞ্জ, 23 অক্টোবৰ : ক'ভিড-19 ৰ বাবে চলিত বৰ্ষত দুৰ্গাপূজাত নাই পূৰ্বৰ উচাহ ৷ ক'ভিড প্ৰট'কল মানি চৰকাৰে পূজা অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে যদিও পূজাৰ আনন্দই যেন চুব পৰা নাই ৰাজ্যবাসীক ৷
ৰাজ্যৰ অন্য জিলাৰ লগতে কৰিমগঞ্জতো ক'ভিড প্ৰট'কল মানি পূজা অনুষ্ঠিত কৰিছে ৷ জাকজমকতাক বাদ দি কেৱল আধ্যাত্মিকতা ৰক্ষাৰ বাবে কৰিমগঞ্জবাসীয়ে পূজা উদযাপন কৰিছে ৷ একেদৰে,কৰিমগঞ্জৰ ৰাধাৰমন আশ্ৰমতো অনুষ্টুপীয়াকৈ পূজা উদযাপন কৰা হৈছে ৷ নাই কোনো ধৰণৰ জাকজমকতা,নাই পূৰ্বৰ দৰে আলোকসজ্জা ৷ কেৱল নীতি-নিয়ম ৰক্ষাৰ বাবে অনুষ্ঠিত কৰিছে পূজা ৷
লগতে পঢ়ক : মঙলদৈত পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ