কৰিমগঞ্জ, 22 অক্টোবৰ: দুৰ্গা পূজাক লৈ চৰকাৰে বান্ধি দিয়া নিয়মানুসৰি কৰিমগঞ্জৰ পাথাৰকান্দিত দুৰ্গোৎসৱৰ আয়োজন ৷ ক'ৰণাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাথাৰকান্দিৰ স্থায়ী পূজা গৃহ সমূহত পূজাৰ অনুষ্টুপীয়া আয়োজন ৷
পূৰ্বতকৈ কিছু ব্যতিক্ৰমী ধৰণে পালন এইবাৰৰ দুৰ্গাপূজা । পাথাৰকান্দিৰ কেৱল স্থায়ী পূজা মণ্ডপতহে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে । সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে পূজা সমিতিসমূহে । পাথাৰকান্দি নগৰৰ মাজমজিয়াত অৱস্থিত সনাতন সমাজেও দুৰ্গা পূজাৰ আয়োজন কৰিছে ।
লগতে পঢ়ক: কৰ’ণাতংকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ