ETV Bharat / state

চেলফিক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ দুৰ্গাপূজাত উত্তেজনা - প্ৰতিমা

কৰিমগঞ্জত শনিবাৰৰ নিশা তীব্ৰ উত্তেজনা ৷ চেলফি উঠাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি ৷ ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ ৷

Durga Puja Celebrate In Karimganj
চেলফিক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ দুৰ্গাপূজাত উত্তেজনা
author img

By

Published : Oct 25, 2020, 10:50 AM IST

কৰিমগঞ্জ, 25 অক্টোবৰ : দুৰ্গাপূজাৰ মাজতে কৰিমগঞ্জৰ নিলামবজাৰত নিশা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰতিমাৰ ঘট ভাঙি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত ৰাইজে আৰক্ষী থানা ঘেৰাও কৰাৰ সমান্তৰালকৈ অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ নিশা প্ৰায় এক বজালৈকে অৱৰোধ কৰি দোষীৰ শাস্তিৰ দাবী জনায় ৷

স্থানীয় লোকৰ মন্তব্য

তথ্য অনুসৰি, কৰিমগঞ্জৰ নিলামবজাৰৰ ঈশ্বৰশ্ৰী ক্লাৱৰ পূজা স্থলীত সংঘটিত হৈছে এই ঘটনা ৷ ম'বাইলৰে চেলফি তোলাৰ সময়ত ঘট ভঙাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ আনহাতে, একাংশ লোকৰ অভিযোগ অনুসৰি, অন্য সম্প্ৰদায়ৰ যুৱককেইজনে নিজ ইচ্ছা অনুসৰি প্ৰতিমাৰ ঘট ভঙা বুলি উল্লেখ কৰে ৷

বিজেপি নেত্ৰীৰ মন্তব্য

ইফালে, ঘটনাৰ পিচতে নিলাম বজাৰ আৰক্ষী থানাত উত্তেজিত লোক উপস্থিত হৈ দোষী সকলৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৰে । অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শ্বাহজাহান হুছেইন, নাজিম উদ্দিন আৰু আতিকুৰ ৰহমান নামৰ তিনি যুৱকক । পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সন্দেহত নিশাই যুৱক কেইজনক কৰিমগঞ্জ সদৰ থানালৈ প্ৰেৰণ কৰি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা দিলে ভাৰতীয় মূলৰ আমেৰিকানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.